প্ৰথম অসমীয়া হিচাপে ৭ মহাদেশৰ ৭ সৰ্বোচ্চ শিখৰত আৰোহণ হেদায়েৎ আলীৰ

পৰ্বতাৰোহণত বিৰল অভিলেখ এক্সপ্ল’ৰাৰ্ছৰ পৰ্বত আৰোহীৰ

পৰ্বতাৰোহণৰ ক্ষেত্ৰত এক বিৰল অভিলেখ গঢ়িলে এজন অসমীয়া পৰ্বত আৰোহীয়ে। বিশ্বৰ ৭ খন মহাদেশৰ সাতটা সৰ্বোচ্চ শিখৰত সফলতাৰে আৰোহণ কৰি এই অভিলেখ গঢ়িছে গুৱাহাটীৰ দুঃসাহসিক ক্ৰীড়া সংগঠন এক্সপ্ল’ৰাৰ্ছৰ সদস্য হেদায়েৎ আলীয়ে। যোৱা ৩১ মে’ৰ দিনা হেদায়েৎ আলীয়ে উত্তৰ আমেৰিকাৰ সৰ্বোচ্চ শিখৰ মাউন্ট ডেনালিত সফলতাৰে বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হয়। প্ৰতিকূল বতৰ, অহৰহ হৈ থকা তুষাৰপাতৰ মাজতে আমেৰিকাৰ আলাস্কাত থকা ২০,৩১০ উচ্চতাৰ মাউন্ট ডেনালিত আলীয়ে ফুলাম গামোচাৰ লগতে এক্সপ্ল’ৰাৰ্ছৰ পতাকা উৰুৱাই দিয়ে। উল্লেখ্য যে প্ৰতিকূল বতৰৰ বাবে ইয়াৰ পূৰ্বে দুবাৰকৈ তেওঁ মাউন্ট ডেনালি আৰোহণৰ চেষ্টাত বিফল হৈছিল। আনহাতে হাজো – দামপুৰৰ পৰা গৈ বৰ্তমান আমেৰিকাৰ ছানফ্ৰান্সিস্ক’ নিৱাসী হোৱা হেদায়ৎ আলীয়ে পূৰ্বে বিশ্বৰ লগতে এছিয়াৰ সৰ্বোচ্চ শিখৰ মাউন্ট এভাৰেষ্ট, দক্ষিণ আমেৰিকা মহাদেশৰ সৰ্বোচ্চ মাউন্ট এক’ন’গোৱা, আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ মাউন্ট কিলিমাঞ্জাৰু, ইউৰোপৰ সৰ্বোচ্চ মাউন্ট এলব্ৰুচ, অষ্ট্ৰেলিয়া মহাদেশৰ সৰ্বোচ্চ কছকিউছক’, এন্টাৰ্কটিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ মাউন্ট ভিনচন আৰোহণ কৰি বিৰল কৃতিত্ব গঢ়িছিল। এইখিনিতে উল্লেখযোগ্য যে শেহতীয়াকৈ বিশ্বৰ ৭খন মহাদেশৰ সৰ্বোচ্চ শিখৰকেইটা আৰোহণ কৰাটো বিশ্বৰ পৰ্বতাৰোহীসকলৰ মাজত এক ট্ৰেণ্ডত পৰিণত হৈছে। অসমৰ আন এজন পৰ্বত আৰোহী মনিষ ডেকাই এন্টাৰ্কটিকাৰ ভিনচন শিখৰৰ বাহিৰে আন ৬খন মহাদেশৰ ৬টা শিখৰত আৰোহণ কৰি থৈছে। হেদায়েৎ আলীৰ এই সাফল্যৰ বাবে এক্সপ্ল’ৰাৰ্ছ সংগঠনে তেওঁক উষ্ম অভিনন্দন জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...

দিনটোত ৩–৪ কাপ কফি সেৱন কৰিলে শৰীৰৰ জৈৱিক বয়স বৃদ্ধি লেহেমীয়া হয়; নতুন গৱেষণা

এটা নতুন গৱেষণাত দেখা গৈছে যে দৈনিক তিনিৰ পৰা...