উত্তৰাখণ্ডৰ সোণপ্ৰয়াগৰ সমীপত প্ৰবল বৰষুণৰ ফলত ভূমিস্খলন!

প্ৰবল বৰষুণৰ ফলত উত্তৰাখণ্ডৰ কেইবাটাও অঞ্চলত ভূমিস্খলন হৈছে। সোণপ্ৰয়াগৰ ওচৰৰ মানকাটিয়াতো ভূমিস্খলন সংঘটিত হৈছে। ইয়াৰ পৰিণতিত বৃহস্পতিবাৰৰ দিনটোত কেদাৰনাথ যাত্ৰা সাময়িকভাৱে বন্ধ ৰখা হৈছে। প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে যে, দৰ্শনাৰ্থীৰ সুৰক্ষাৰ কথা ভাৱিয়েই এই সিদ্ধান্ত লোৱা হৈছে। যাত্ৰা কেতিয়া পুনৰ আৰম্ভ হ’ব, তাৰ বিষয়ে প্ৰশাসনে কোনো তথ্য প্ৰকাশ কৰা নাই।

প্ৰশাসনে জনোৱা অনুসৰি, বৰষুণৰ বাবে পাহাৰৰ পৰা ডাঙৰ ডাঙৰ শিল মানকাটিয়াৰ পথত খহি পৰিছে। ফলত গৌৰীকুণ্ডৰ পৰা উভতি অহা বহু দৰ্শনাৰ্থী পথত আবদ্ধ হৈ পৰিছিল। দুৰ্যোগ প্ৰশমন বিভাগে তৎক্ষণাত তেওঁলোকক উদ্ধাৰ কৰিছে। সংবাদ সংস্থা পিটিআইক উত্তৰাখণ্ড চৰকাৰৰ এগৰাকী বিষয়াই জনোৱা মতে, আবদ্ধ হৈ পৰা দৰ্শনাৰ্থীসকলক উদ্ধাৰ কৰি সোণপ্ৰয়াগলৈ অনা হৈছে। এই সকলোবোৰৰ মাজতে কেদাৰনাথ যাত্ৰা সাময়িকভাৱে বন্ধ ৰখা হৈছে।

ভাৰতীয় বতৰ বি়জ্ঞান বিভাগৰ (আইএমডি) তথ্য অনুসৰি, অহা ৮ জুলাইলৈকে উত্তৰ আৰু পশ্চিম ভাৰতৰ কেইবাখনো ৰাজ্যৰ কিছু অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। তাৰ ভিতৰত আছে হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, হাৰিয়ানা, আৰু ৰাজস্থানৰ পূৰ্বাঞ্চল। ৬ জুলাইলৈকে উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চলৰ কেইবাটাও ঠাইত প্ৰবল বৰষুণ হ’ব পাৰে। পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ পশ্চিমাঞ্চলৰ কিছু অঞ্চলত ৫ৰ পৰা ৮ জুলাইলৈকে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। বৰষুণৰ লগতে এই অঞ্চলসমূহত ধুমুহাৰো পূৰ্বাভাস দিয়া হৈছে। এই পৰিস্থিতিত পৰ্যটকৰ সুৰক্ষাৰ কথা ভাৱি কেদাৰনাথ যাত্ৰা বন্ধ ৰখা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...

দিনটোত ৩–৪ কাপ কফি সেৱন কৰিলে শৰীৰৰ জৈৱিক বয়স বৃদ্ধি লেহেমীয়া হয়; নতুন গৱেষণা

এটা নতুন গৱেষণাত দেখা গৈছে যে দৈনিক তিনিৰ পৰা...