নেপালৰ সন্মুখত আন এক দুৰ্যোগ! ৪৭ জনৰ মৃত্যু, ১১গৰাকী লোক নিৰুদ্দিষ্ট

এমাহৰ আগতে হিংসাত্মক ঘটনাই উত্তপ্ত কৰি তুলিছিল নেপালক। সেই উত্তেজনা মাৰ নৌযাওঁতেই ভাৰতৰ প্রতিবেশী এই দেশখনে আন এটা বিপৰ্যয়ৰ সন্মুখীন হৈছে। এইবাৰ প্ৰাকৃতিক দুৰ্যোগত বিপৰ্যস্ত হৈছে নেপাল। ৩৬ ঘণ্টা ধৰি নেৰানেপেৰা বৰষুণৰ ফলত প্লাৱিত হৈছে বহু অঞ্চল। শুকুৰবাৰৰ পৰা এতিয়ালৈকে নেপালত কমেও ৪৭ জনৰ মৃত্যু হৈছে। তথাপি, মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। প্ৰলয়ংকাৰী বানৰ প্ৰকোপত বহু লোক নিৰুদ্দেশ হৈছে বুলি প্ৰশাসনৰ সূত্ৰত জানিব পৰা গৈছে।

প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা হৈছে যে পূব নেপালৰ ইলাম অঞ্চলটিত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। কোশী প্ৰদেশৰ আৰক্ষী বিষয়া দীপক পোখৰেলে জনাইছে যে, সূৰ্যোদয় পৌৰসভাত পাঁচজন, মানসেবুং পৌৰসভাত তিনিজন, ইলামত ছয়জন, দেউমেইত তিনিজন আৰু ফাকফোকতুমত এজনৰ মৃত্যু হৈছে। দক্ষিণ নেপালত বজ্ৰপাতত তিনিজনৰ মৃত্যু হৈছে। উদয়পুৰ জিলাত বানত আৰু এজনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও বিভিন্ন অঞ্চলৰ পৰা মৃত্যুৰ খবৰ আহি আছে।

এই বানত ১১ জন নিৰুদ্দেশ হোৱাৰো বাতৰি পোৱা গৈছে। তেওঁলোকৰ সন্ধানত অভিযান চলি আছে। কিন্তু দুৰ্যোগপূৰ্ণ বতৰৰ বাবে উদ্ধাৰ কাৰ্যত সময় লাগিছে। উদ্ধাৰ বাহিনীৰ লগতে সেনাইও উদ্ধাৰ কাৰ্যত অংশগ্ৰহণ কৰিছে। কাঠমাণ্ডুৰ বানপানী প্ৰৱণ অঞ্চলত উদ্ধাৰকাৰী দল মোতায়েন কৰা হৈছে। নদীসমূহ বিপদসীমাৰ ওপৰেৰে বৈ আছে। ফলত নীচু অঞ্চলৰ পৰা বাসিন্দাসকলক নিৰাপদ স্থানলৈ স্থানান্তৰৰ কাম চলি আছে।

বাগমতী, হনুমন্তে, মনোহৰা, ধোবি খোলা, বিষ্ণুমতি, নাক্কাহু আৰু বালখু নদীৰ পানী বৃদ্ধি পাইছে। ফলত বসতি অঞ্চলসমূহত পানী সোমাবলৈ আৰম্ভ কৰিছে। কেইবাখনো জিলাত বানপানীৰ আশংকা বৃদ্ধি পাইছে। তাৰ ভিতৰত আছে—ছুনছাৰী, উদয়পুৰ, ছপ্তাৰী, ছিৰাহা, ধনুষা, মহোত্তাৰী, ছাৰলাহি, ৰাউতাহাত, পাৰ্চা, সিন্ধুলি, দোলাখা, ৰেমছাপ, সিন্ধুপালচক, কাভৰেপালনচক, কাঠমাণ্ডু, ললিতপুৰ, ভক্তপুৰ, মাকৱানপুৰ আৰু চিটৱান।

নেপালৰ বতৰ বিভাগে জনাইছে যে, দেশৰ পূব আৰু মধ্য অংশত সোমবাৰলৈকে প্ৰবল বৰষুণ অব্যাহত থাকিব। গুৰুত্বপূৰ্ণ পথ আৰু ঘাইপথসমূহ ক্ষতিগ্ৰস্ত হোৱাত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। কাঠমাণ্ডু বিমানবন্দৰৰ মুখপাত্ৰ ৰিন্জি শেৰপাই জনাইছে যে, দুৰ্যোগৰ ফলত দেশীয় উৰাণ সেৱা ব্যাহত হৈছে। তথাপি, আন্তৰ্জাতিক বিমান সেৱা স্বাভাৱিক হৈ আছে। ছুনছাৰী জিলাৰ গৱৰ্ণৰ ধৰ্মেন্দ্ৰ কুমাৰ মিশ্ৰই জনাইছে যে, কোশী বেৰাজৰ ৫৬খন শ্লুইচ গেট খুলি দিয়া হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...

দিনটোত ৩–৪ কাপ কফি সেৱন কৰিলে শৰীৰৰ জৈৱিক বয়স বৃদ্ধি লেহেমীয়া হয়; নতুন গৱেষণা

এটা নতুন গৱেষণাত দেখা গৈছে যে দৈনিক তিনিৰ পৰা...