গোৱালপাৰাবাসীক স্বাস্থ্য মন্ত্ৰীয়ে দিলে এই ভাল খবৰ

প্ৰস্তাৱিত গোৱালপাৰা চিকিৎসা মহাবিদ্যালয়ৰ কামকাজ চলিত বছৰৰ পৰাই আৰম্ভ হব। স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি বিয়লি গোৱালপাৰাত উপস্থিত হৈ এই কথা জানিবলৈ দিয়ে। স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে গোৱালপাৰাত উপস্থিত হৈ চিকিৎসা মহাবিদ্যালয়ৰ কাৰণে গোৱালপাৰা চহৰৰ সমীপৱৰ্তী গোবিন্দপুৰত এডোখৰ ভূমি পৰিদৰ্শন কৰে। ভূমি পৰিদৰ্শন কৰি তেওঁ কয় যে গোৱালপাৰা চিকিৎসা মহাবিদ্যালয়ৰ কাৰণে চলিত বছৰটোতে মাটি নিৰ্ধাৰণ, পুঁজি আবন্টন, নক্সা আদিৰ কাম কাজ কৰা হব। তেওঁ এই সম্পৰ্কে জিলা উপায়ুক্তৰ লগতে আন আন প্রশাসনিক বিষয়া আৰু স্বাস্থ্য বিভাগৰ বিষয়া সকলৰ সৈতে আলোচনা কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

গুৱাহাটীত নিশা দুটাকৈ পথ দুৰ্ঘটনা, আহত কেইবাজনো

জু-ৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণ সেতুত দেওবাৰে নিশা সংঘটিত হয় এক...

যুদ্ধৰ ক’লা ডাৱৰে ঢাকি ধৰিছে মধ্যপ্ৰাচ্যৰ আকাশ

যুদ্ধৰ ক’লা ডাৱৰে ঢাকি ধৰিছে মধ্যপ্ৰাচ্যৰ আকাশ। গাজাত আৰম্ভ...

বিদেশ মন্ত্ৰী জয়শংকৰৰ ভ্ৰমণক লৈ তোলপাৰ পাকিস্তান

১৫–১৬ অক্টোবৰত বিদেশ মন্ত্ৰী এচ জয়শংকৰৰ পাকিস্তান ভ্ৰমণ নিশ্চিত...

হৰেন্দ্ৰনাথ বৰুৱা আছিল এজন মানৱতাবাদী জাতীয়তাবাদী

তেওঁৰ জাতীয়তাবাদ সংকীৰ্ণ নাছিল, অসমীয়া জাতিৰ সৰ্বাংগীন বিকাশেই আছিল...