ৰাজ্যত সুস্থ জীৱনশৈলী বিষয়ক সজাগতা আৰু অনুশীলনক অভিযান আকাৰে ৰূপায়ণ কৰা হ’ব : সিংহল
অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি ডিব্ৰুগড়ত উপস্থিত হৈ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। মন্ত্ৰী গৰাকীৰ উপস্থিতিত অনুষ্ঠিত আজিৰ বৈঠকত উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ কাম-কাজ আৰু প্ৰদৰ্শনৰ সবিস্তাৰে পৰ্যালোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে জিলা কেইখনৰ সকলো স্বাস্থ্য সূচক আৰু আঁচনিসমূহৰ ৰূপায়ণ তথা অগ্ৰগতিৰ বুজ লোৱাৰ লগতে জিলাকেইখনৰ স্বাস্থ্য সেৱাৰ আন্তঃগাথঁনিৰো বুজ লয়। বৈঠকত মূলতঃ প্ৰসূতিৰ মৃত্যুৰ অনুপাত, নৱজাতকৰ মৃত্যুৰ হাৰ, প্ৰাক্ প্ৰসৱ গৰ্ভৱতী মহিলাৰ পঞ্জীয়ন, ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম আৰু ৩০ বছৰ ঊৰ্দ্ধৰ লোকৰ অসংক্ৰামক ৰোগৰ পৰীক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
বৈঠকত এই জিলাকেইখনত বৰ্তমানৰ স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি আৰু চলি থকা পদক্ষেপসমূহৰ বিষয়ে সংশ্লিষ্ট বিষয়ববীয়াসকলৰ পৰা তেওঁ বিশদভাৱে বুজ লয়। বিভিন্ন স্বাস্থ্য সূচকসমূহ অধিক উন্নত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সকলো নাগৰিকৰ বাবে গুণগত, সুলভ আৰু সময়োপযোগী চিকিৎসা ব্যৱস্থা তথা সামগ্ৰিক সুস্থতা সুনিশ্চিত কৰাৰ বাবে নিষ্ঠাৰে কাম কৰি যাবলৈ তেওঁ বিষয়াসকলক আহ্বান জনায়। ৰোগৰ চিকিৎসাৰ লগতে প্ৰতিৰোধমূলক ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ তেওঁ বিষয়ববীয়াসকলৰ প্ৰতি আহ্বান জনায়। চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ মজুৰিৰ ক্ষতিপূৰণ আঁচনিৰ নিখুত ৰূপায়ণত বিশেষ গুৰুত্ব আৰোপ কৰি এইক্ষেত্ৰত জিলা আয়ুক্তসকলক প্ৰত্যক্ষভাৱে নিৰীক্ষণত ৰাখিবলৈ তেওঁ নিৰ্দেশ দিয়ে। বিশেষকৈ তিনিচুকীয়া জিলাত এই আঁচনিত বহুসংখ্যক যোগ্য হিতাধিকাৰী বিভিন্ন কাৰণত বাদ পৰি যোৱাত উদ্বেগ প্ৰকাশ কৰি অহা এসপ্তাহৰ ভিতৰত প্ৰয়োজনীয় কাম সম্পূৰ্ণ কৰিবলৈ তেওঁ জিলা আয়ুক্তক নিৰ্দেশ দিয়ে। আনহাতে ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমত প্ৰায়বোৰ জিলাতে শিশুৰ ছালৰ সংক্ৰমণৰ বৰ্ধিত মাত্ৰাত চিন্তা প্ৰকাশ কৰি তৃণমূল পৰ্যায়ত ব্যক্তিগত স্বচ্ছতা আৰু পৰিচ্ছন্নতাৰ ক্ষেত্ৰত সজাগতাৰ বাবে আশা কৰ্মীসকলক জড়িত কৰিবলৈ তেওঁ স্বাস্থ্য বিষয়াসকলক নিৰ্দেশ দিয়ে।
স্বাস্থ্য সম্পৰ্কীয় তথ্যসমূহৰ সঠিক উপস্থাপনৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। প্ৰাক্ প্ৰসৱ গৰ্ভৱতী মহিলাৰ পঞ্জীয়ন আৰু শিশুৰ জন্মৰ পঞ্জীয়ণৰ তথ্যৰ সৈতে সামঞ্জস্য ৰাখি জিলাসমূহত প্ৰসুতি আৰু নৱজাতকৰ ১০০ শতাংশ নিয়মীয়া টীকাকৰণ সুনিশ্চিতকৰণৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। সেইদৰে সকলো নাগৰিকৰে আয়ুষ্মান ভাৰত স্বাস্থ্য একাউণ্ট, চমুকৈ আভা পঞ্জীয়ণৰ বাবেও বিশেষ অভিযান হাতত লবলৈ তেওঁ নিৰ্দেশ দিয়ে।
উজনি অসমৰ জিলাকেইখনত প্ৰসুতি আৰু নৱজাতকৰ মৃত্যুৰ পৰিসংখ্যাত উদ্বেগ প্ৰকাশ কৰি এই হাৰ কমোৱাৰ বাবে অহা দিনবোৰত এক বিশেষ কাৰ্যসূচী হাতত লোৱা হব বুলিও মন্ত্ৰী সিংহলে আজি ঘোষণা কৰে। ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমক অধিক সংগঠিত কৰি ১৮ বছৰ বয়সপৰ্যন্ত ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে ৰাজ্যজুৰি এক বিশেষ অভিযান চলিব বুলিও তেওঁ জানিবলৈ দিয়ে। এই অভিযানত প্ৰায় ৩০-৩২ টা সূচকৰ ওপৰত ভিত্তি কৰি শিশুৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে তেওঁলোকৰ জন্মগত ৰোগ, পৰিপুষ্টিগত সমস্যা আৰু অন্যান্য বিষয় কম বয়সতে চিনাক্ত কৰি তাৰ চিকিৎসাৰ ব্যৱস্থা কৰা হব বুলি তেওঁ জানিবলৈ দিয়ে। এই জিলাকেইখনৰ লগতে সামগ্ৰিকভাৱে ৰাজ্যত ৩০ বছৰ ঊৰ্দ্ধৰ লোকৰ অসংক্ৰামক ৰোগৰ পৰীক্ষণত পোহৰলৈ অহা পৰিসংখ্যা যথেষ্ট উদ্বেগজনক বুলি অভিহিত কৰি তেওঁ কয় যে প্ৰায় ১৫ শতাংশ লোক উচ্চ ৰক্তচাপ আৰু ৬-৭ শতাংশ লোক মধুমেহ ৰোগত আক্ৰান্ত হোৱাটো ৰাজ্যৰ জনস্বাস্থ্যৰ বাবে এক গভীৰ চিন্তাৰ বিষয়। এই দুই ৰোগত আক্ৰান্তসকল ভৱিষ্যতে নানা জটিল স্বাস্থ্যজনিত অসুবিধাৰ চিকাৰ হয় বুলি মন্তব্য কৰি তেওঁ কয় যে এইক্ষেত্ৰত প্ৰতিকাৰৰ একমাত্ৰ পথ হৈছে সুস্থ আৰু শৃংখলিত জীৱন যাপন আৰু যোগাভ্যাস বা আন শাৰীৰিক অনুশীলন। ৰাজ্যৰ আয়ুস্মান আৰোগ্য মন্দিৰসমূহৰ জৰিয়তে এইক্ষেত্ৰত ৰাইজক সজাগ কৰি নিয়মীয়া যোগাভ্যাসৰ ব্যৱস্থা কৰাৰ লগতে অন্যান্য পদক্ষেপো গ্ৰহণ কৰা হব বুলি তেওঁ জানিবলৈ দিয়ে। ৰাজ্যত সামগ্ৰিকভাৱে সুস্থ জীৱনশৈলী বিষয়ক সজাগতাক এক অভিযান আকাৰে ৰূপায়ণ কৰা হব বুলিও তেওঁ অৱগত কৰে।
আনহাতে সংশ্লিষ্ট জিলাৰ আয়ুক্ত তথা স্বাস্থ্য বিষয়াসকলে জিলাকেইখনত চিকিৎসক আৰু পেৰামেডিকেল কৰ্মীৰ নাটনিৰ কথা উল্লেখ কৰাত এইক্ষেত্ৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা প্ৰয়োজনীয় চিকিৎসক নিযুক্তিৰ ব্যৱস্থা কৰা হব বুলি তেওঁ আশ্বাস প্ৰদান কৰে।
এই পৰ্যালোচনা সভাত চাবুৱা সমষ্টিৰ বিধায়ক পোণাকণ বৰুৱা, থাউৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ডঃ পি অশোক বাবু, ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কৈৰী, তিনিচুকীয়া জিলাৰ জিলা আয়ুক্ত স্বপ্নীল পাল, চৰাইদেউৰ জিলা আয়ুক্ত ডা: নেহা যাদৱ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অ’.এছ.ডি পংকজ চমুৱা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালক ডাঃ উমেশ ফাংচ’, স্বাস্থ্য বিভাগৰ দায়িত্বত থকা চাৰিওখন জিলাৰ অতিৰিক্ত আয়ুক্তসকল, জিলাকেইখনৰ যুটীয়া স্বাস্থ্য সঞ্চালকসকল, বিভিন্ন স্বাস্থ্য কাৰ্যসূচীৰ ন’ডেল বিষয়া সকল, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মুখ্য কাৰ্যালয় আৰু চাৰি জিলাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ আঁচনি প্ৰবন্ধন গোটৰ বিষয়াসকলে অংশগ্ৰহণ কৰে।