ঢেকীয়া শাকে বৃদ্ধি কৰে যৌনশক্তি, ঢেকীয়াৰ আছে আচৰিত পুষ্টিগুণ

আমাৰ অতি পৰিচিত এবিধ খাদ্য ঢেকীয়া। ঢেকীয়া বা ফিডলহেড ফাৰ্নছ অসমৰ পৰিৱেশত অতি সহজে হোৱা এবিধ উদ্ভিদ। পৃথিৱীত প্ৰায় ১০ হাজাৰ ঢেকীয়াবৰ্গৰ প্ৰজাতি থকাৰ কথা প্ৰকাশ কৰে বিজ্ঞানীসকল। অৱশ্যে উত্তৰ-পূৰ্বাঞ্চলত ৫ বিধ ঢেকীয়াহে সচৰাচৰ উপলব্ধ। ঢেকীয়াত থাকে শৰীৰৰ উপকাৰী আইৰণ, ফছফৰাছ, প্ৰটিন, ভিটামিন এ, ভিটামিন চি, ভিটামিন ই, বিতা কেৰোটিন, এণ্টেঅক্সিডেণ্ট, কেলচিয়াম ইত্যাদি।

ঢেকীয়াত থকা ভিটামিন এৰ সহায়ত দৃষ্টিশক্তিৰ উন্নতিত সহায়ক। তাৰোপৰি লিভাৰৰ অসুখ নিৰাময়ত ঢেকীয়াই সহায় কৰে। জণ্ডিচ, টিউমাৰ, ভাইৰাচজনিত ৰোগৰ পৰা উপশম পোৱাটো সহায়ক। হাড়ৰ গঠনৰ বাবে উপকাৰী কেলচিয়াম, ফচফৰাছ পোৱা যায় ঢেকীয়াত। ঢেকীয়াত আছে বাতনাশক গুণ। মহিলাৰ স্তন ৰোগ দূৰ কৰাৰ বাবে উপকাৰী। প্ৰসৱৰ পিছত হোৱা স্তনৰ বিষ আৰু মাতৃদুগ্ধৰ উন্নতিতো সহায়ক বুলি চিকিত্সকসকলে প্ৰকাশ কৰে। বক্ষৰোগ, কাঁহ-শ্বাসজনিত ৰোগ, হাওঁফাওঁৰ কৰ্কটৰোগ উপশমৰ ক্ষেত্ৰতো উপযোগী। মধুমেহ ৰোগীৰ বাবেও উপকাৰী ঢেকীয়া। যৌনশক্তি আৰু শক্তিবৰ্ধক হিচাপেও সহায়ক ঢেকীয়া।

আনহাতে, ঢেকীয়া মূত্ৰনলী বা ইউৰিনেৰীৰ সংক্ৰমণৰ ক্ষেত্ৰতো উপকাৰী। ফিটা পেলু নাশ, কোষ্ঠকাঠিন্য দূৰ কৰাৰ বাবেও উপযোগী। আনহাতে, ঢেকীয়াৰ শিপাৰ গুড়িৰ পাউদাৰ লগালে ঘা শুকায় বুলি কোৱা হয়৷ ঢেকীয়া শাকত বিকিৰণ ৰোধক গুণো থাকে। ঢেকীয়াৰ শিপাৰ চাহ বনাই খালে হাওঁফাওঁত অক্সিজেনৰ প্ৰবাহ ভাল হোৱাৰ লগতে উশাহ লোৱাৰ কষ্ট দূৰ হোৱাটো সহায় কৰে৷ ঢেকীয়াত থকা পটিচিয়ামে উচ্চ ৰক্তচাপ হ্ৰাস কৰাতো সহায় কৰে। অৱশ্যে নিয়মীয়াকৈ অসমত পোৱা সকলোবোৰ সেউজীয়া শাক-পাচলিতে কম-বেছি পৰিমাণে বিবিধ পুষ্টিগুণ পোৱা যায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...