২৩ বছৰীয়া সোণালী অধ্য়ায়ৰ যৱনিকা, অৱসৰ ল’লে হৰভজন সিঙে

ভাৰতৰ অন্যতম অফ অভিজ্ঞ স্পিনাৰ হৰভজন সিঙে শুকুৰবাৰে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। অফ স্পিনাৰ জনে টুইটাৰযোগে অৱসৰ ঘোষণা কৰে আৰু ইউটিউবত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল য’ত তেওঁ তেওঁৰ সিদ্ধান্তৰ কাৰণ ব্যাখ্যা কৰে। হৰভজনে ২০০০ দশকত বিভিন্ন ফৰ্মেটত ভাৰতীয় দলৰ এক অবিচ্ছেদ্য অংশ আছিল আৰু মহেন্দ্র সিং ধোনীৰ অধিনায়কত্বত দলটোৰ সৈতে ২০০৭ চনৰ আইচিচি টি-২০ আৰু ২০১১ চনৰ আইচিচি বিশ্বকাপ জয় কৰিবলৈ সক্ষম হৈছিল। হৰভজন সিঙে প্ৰথমবাৰৰ বাবে ২০০১ চনত খ্যাতি অৰ্জন কৰিছিল কিয়নো তেতিয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা টেষ্ট শৃংখলাত ভাৰতৰ হৈ অষ্ট্ৰেলিয়াৰ দলটোক পৰাস্ত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অফ স্পিনাৰ জনে শৃংখলাটোত ৩২টা উইকেট দখল কৰে, যাৰ ভিতৰত আছিল কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত দ্বিতীয় টেষ্টত হেট্ৰিক, যিটো এজন ভাৰতীয় বলাৰৰ দ্বাৰা প্ৰথম হেট্ৰিক আছিল।

অৱসৰ লৈ সিঙে টুইটাৰত লিখে যে “সকলো ভাল বস্তুৰ সমাপ্তি ঘটে আৰু আজি যেতিয়া মই মোক জীৱনৰ সকলো খিনি প্ৰদান কৰা খেলখনক বিদায় জনাইছো, মই সকলোকে ধন্যবাদ জনাইছো যিয়ে এই ২৩ বছৰীয়া যাত্ৰাটো সুন্দৰ আৰু স্মৰণীয় কৰি তুলিছে। সকলোকে ধন্যবাদ।”

১৯৯৮ চনৰ মাৰ্চত বাংগালুৰুত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হৰভজনে ১৭ বছৰীয়া যুৱক হিচাপে আন্তঃৰাষ্ট্ৰীয় পৌৰনিম্ভ কৰে। তেওঁ ১০৩ খন টেষ্ট মেচত ৪১৭টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল আৰু টেষ্ট ক্ৰিকেটত ভাৰতৰ হৈ চতুৰ্থ সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হিচাপে বিবেচিত হৈছিল। হৰভজনে ২৩৬ খন এদিনীয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল, য’ত তেওঁ ২৬৯টা উইকেট দখল কৰিছে। তেওঁ ভাৰতৰ হৈ ২৮ খন টি-২০ত ২৫ টা উইকেট দখল কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...