অৱশেষত আৰক্ষীৰ জালত ছাত্ৰী আক্ৰমণকাৰী হানিফ আলী

অৱশেষত আৰক্ষীৰ জালত পৰিল ছাত্ৰী আক্ৰমণকাৰী হানিফ আলী ৷ যোৱা ২২ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল চাঞ্চল্যকৰ ঘটনা। দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ লাৰুৱাজানত সংঘটিত হৈছিল এই ঘটনা ৷ পৰীক্ষা দি ঘৰলৈ ওভতাৰ পথত লাৰুৱাজন হেপী ভেলী একাডেমীৰ এগৰাকী নৱম শ্ৰেণীৰ কিশোৰী ছাত্ৰীক নিৰ্জন পথাৰত অকলে পাই হানিফ আলীয়ে চলাইছিল বৰ্বৰ আক্ৰমণ ৷ এই ঘটনাৰ পিছতেই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য ৷ ছাত্ৰী আক্ৰমণৰ ঘটনাক নিন্দা আৰু প্ৰতিবাদ কৰিছিল বিভিন্ন দল-সংগঠনে ৷ ঘটনা সংক্ৰান্তত ছাত্ৰীগৰাকীৰ পৰিয়ালে জোৰশিমুলী আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষী বিষয়া নৱজিৎ ডেকাই ছাত্ৰী অপহৰণকাৰী লম্পট হানিফ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আছু-উন্নতি সভা-অসম সেনাৰ আহ্বানত ১৮ মাৰ্চত ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী সজাগতা সমদল

অসমৰ ভৱিষ্যৎ ৰক্ষাৰ্থে, অসমক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে সদৌ অসম...

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত আজীৱন বসবাস কৰিব নোৱাৰিব! মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ বক্তব্যত উদ্বেগ

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত স্থায়ীভাৱে অনিৰ্দিষ্টকাললৈ বসবাস কৰাৰ সুবিধা...

বিয়াৰ বাবে ১ লাখ টকাৰ সাহায্য আৰু মেধাৱী কন্যাৰ বাবে স্কুটী

'বেটী বচাও বেটী পঢ়াও' আঁচনিৰ অধীনত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে...