গুৱাহাটীৰ পৰা ক’ত হেৰাল অপু তালুকদাৰ?

0 88

গুৱাহাটীৰ পৰা পুনৰবাৰ সন্ধানহীন হ’ল এজন যুৱক। ২৩ ফেব্ৰুৱাৰী, বুধবাৰে বিয়লি ৩ বজাৰ পৰা কোনো সন্ধান নাই যুৱকজনৰ।

গুৱাহাটীৰে জাপৰিগোগ কৃষ্ণ নগৰৰ বাসিন্দা অপু তালুকদাৰ নামৰ যুৱকজন। অপু তালুকদাৰৰ সন্ধানহীনক লৈ চাঞ্চল্য।

হঠাতে ক’ত হেৰাল ধীৰেনপাৰা চিকিৎসালয়ৰ ফাৰ্মাচিষ্ট হিচাপে কৰ্মৰত অপু তালুকদাৰ। ৰঙিয়া ৰে’লৱে ষ্টেচনত উদ্ধাৰ হৈছে অপু তালুকদাৰৰ মোবাইল ফোন। কোনো দুৰ্বৃত্তই অপু তালুকদাৰক অপহৰণ কৰাৰ সন্দেহত দিছপুৰ থানাত পৰিয়ালৰ লোকে দাখিল কৰিছে এজাহাৰ।

Leave A Reply

Your email address will not be published.