সামগ্ৰীৰ মাজত লুকুৱাই কলৈ নিছিল হেণ্ডগ্ৰেনেড, বিমান বন্দৰতে আটক সেনা জোৱানক

শ্ৰীনগৰ বিমান বন্দৰত এজন সেনা জোৱানৰ পৰা এটা হেণ্ড গ্ৰনেড উদ্ধাৰ কৰে বিমান বন্দৰত থকা নিৰাপত্তাৰক্ষীয়ে। শ্ৰীনগৰ বিমানবন্দৰত প্ৰৱেশৰ সময়তে নিৰাপত্তাৰক্ষীয়ে জোৱানজনৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় গ্ৰনেডটো।

এয়াৰ এছিয়া এয়াৰলাইনছৰ কৰ্মচাৰীসকলে জোৱানজনক চেক-ইন কৰাৰ সময়তে তেওঁৰ সামগ্ৰীৰ মাজত হেণ্ড গ্ৰনেডটো চিনাক্ত কৰিবলৈ সক্ষম হয়। তাৰ পিছতেই কৰ্তব্যৰত চি আৰ পি এফ জোৱানসকলক সৰ্তক কৰি দিয়া হয় আৰু জোৱানজনক আটক কৰা হয়।

আটক কৰা সেনা জোৱানজন তামিলনাডুৰ ভেলুৰৰ। সেনা জোৱানজনে ছুটী লৈ যাবলৈ ওলাইছিল। সেনাৰ জ্যেষ্ঠ বিষয়াসকলক সম্পূৰ্ণ ঘটনাৰ বিষয়ে জনোৱা হৈছে আৰু পৰৱৰ্তী অনুসন্ধান চলি আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...