দেশৰ ৩৩ খন ৰাজ্যৰ প্ৰায় আঠশ খেলুৱৈ, প্ৰশিক্ষক, কাৰিকৰী বিষয়াৰ অংশগ্ৰহণৰে অহা ১৩-১৯ এপ্ৰিললৈ গুৱাহাটীত অনুষ্ঠিত হ’ব অষ্টম পুৰুষ-মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ৷ আজি সংবাদমেলত এই বিষয়ে সদৰি কৰে অসম এমেচাৰ বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাই৷ এই অনুষ্ঠানতে প্ৰতিযোগিতাৰ ল’গো উন্মোচন কৰে ৰাজ্যিক সন্থাটোৰ সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যই৷ বক্সিং ফেডাৰেছন অব ইণ্ডিয়া [বি এফ আই] ৰ সহযোগত অসম এমেচাৰ বক্সিং সন্থাই আয়োজন কৰা এই প্ৰতিযোগিতাৰ পৰাই যুৱ অলিম্পিক গেমছ আৰু বিশ্ব চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় পুৰুষ-মহিলা বক্সিং দলো বাচনি কৰা হ’ব৷
‘অসমৰ ল’ৰা-ছোৱালীৰ বাবে এই প্ৰতিযোগিতাখন অতি গুৰুত্বপূৰ্ণ৷ ঘৰত খেলাৰ সুযোগ লাভ কৰি ভাল প্ৰদৰ্শন কৰিলে আমাৰ বক্সাৰসকলে যুৱ অলিম্পিক তথা বিশ্ব চেম্পিয়নশ্বিপৰ দৰে দুখন শীৰ্ষস্তৰৰ আন্তৰ্জাতিক প্ৰতিযোগিতাৰ ভাৰতীয় দলত স্থান লাভৰ সুযোগ পাব৷ আনহাতে, এই প্ৰতিযোগিতা ২০২৮ ৰ অলিম্পিকৰ বাবেও ভাৰতৰ নতুন বক্সাৰ সৃষ্টিৰ এক প্ৰক্ৰিয়া৷’ বি এফ আইৰ উপদেষ্টাৰ দায়িত্বতো থকা কলিতাই ব্যক্ত কৰে৷
সোণাপুৰস্থিত অসম ডনবক্স বিশ্ববিদ্যালয়ৰ হলত হ’বলগা প্ৰতিযোগিতাখনৰ উভয় বিভাগৰ দহটা ওজন শাখাত ২৭৪ গৰাকী ল’ৰা আৰু ২৪০ গৰাকী ছোৱালীয়ে ইতিমধ্যে নিজৰ নাম পঞ্জিয়ন কৰিছে৷ আনহাতে, ১১২ পুৰুষ তথা ৩৮ মহিলা প্ৰশিক্ষকৰ লগতে প্ৰায় ডেৰশ কাৰিকৰী বিষয়া উপস্থিত থাকিব লগা প্ৰতিযোগিতাখনৰ থকা-খোৱাৰ ব্যৱস্থাও বিশ্ববিদ্যালয়ৰ চৌহদতে কৰা হৈছে৷
সংবাদমেলত নৱনিৰ্বাচিত সভাপতি ভট্টাচাৰ্যই কয় যে যোৱা চাৰিখন অলিম্পিকত ভাৰতক অসমৰ শিৱ থাপা আৰু লাভলিনা বৰগোঁহাইৰৰূপত ৰাজ্যৰ দুই বক্সাৰে প্ৰতিনিধিত্ব কৰিছে৷ কিন্তু এতিয়া সময় সমাগত নতুন বক্সাৰক ৰাষ্ট্ৰীয়-আন্তৰ্জাতিক পৰ্যায়লৈ উলিয়াই অনা৷ ইতিমধ্যে ৰাজ্যিক সন্থাই জিলা পৰ্যায়ত প্ৰতিভা বিকাশৰ কাম আৰম্ভ কৰি ৰাষ্ট্ৰীয় স্তৰত এক্সপ’জাৰ দিয়াৰ লক্ষ্যৰে যুৱ প্ৰতিযোগিতাখন আয়োজন কৰাৰ সিদ্ধান্ত লৈছে৷
