মিডিয়া ক্ৰিকেটত ক্ৰমাগত তৃতীয়বাৰৰ বাবে চেম্পিয়ন গুৱাহাটী প্ৰেছ ক্লাব

অসম ক্ৰীড়া সাংবাদিক সন্থাই আয়োজন কৰা টপচেম এ এছ জে এ আন্তঃ সংবাদ মাধ্যম টি-২০ ক্ৰিকেট চেম্পিয়নশ্বিপত পুনৰ চেম্পিয়ন হ’ল ডিফেণ্ডিং চেম্পিয়ন গুৱাহাটী প্ৰেছ ক্লাব। নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল খেলত গুৱাহাটী প্ৰেছ ক্লাবে ৮ ৰানত পৰাস্ত কৰিলে মিডিয়া মেনেজমেণ্টক। প্ৰতিকুল বতৰৰ বাবে ১০ অ’ভাৰকৈ অনুষ্ঠিত হয় খেল। প্ৰথমে বেটিং কৰি গুৱাহাটী প্ৰেছ ক্লাবে ১০ অ’ভাৰত ২ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৮৮ ৰান। গুৱাহাটী প্ৰেছ ক্লাবৰ হৈ ৰাজ হুছেইনে অপৰাজিত ৩২, মৃগাংক শৰ্মাই ৩১ আৰু অধিনায়ক বিনয় কলিতাই ১৪ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত মিডিয়া মেনেজমেন্টে ১০ অ’ভাৰত ৬ উইকেটত ৮০ ৰান কৰিয়ে সামৰে ইনিংছ। মিডিয়া মেনেজমেণ্টৰ ইনিংছ ৮০ ৰানতে স্তব্ধ কৰাত মুখ্য ভূমিকা লোৱা গুৱাহাটী প্ৰেছ ক্লাবৰ মৌচম দত্তই ২টা, বিনয় কলিতা, সঞ্জীৱ বেজবৰুৱা আৰু ৰবীন দাসে দখল কৰে এটাকৈ উইকেট। ফাইনেলৰ মেন অব দ্য মেচ সন্মান লাভ কৰে গুৱাহাটী প্ৰেছ ক্লাবৰ উইকেটৰক্ষক- বেটাৰ মৃগাংক শৰ্মাই। আনহাতে গুৱাহাটী প্ৰেছ ক্লাবৰ ৰুহুল আমিনে লাভ কৰে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ফিল্ডাৰৰ সন্মান। স্বাভাৱিকতে সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰাকক্ষণত এই জয়ে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিজন সদস্য আৰু শুভাকাংক্ষীক আনন্দিত কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...