বৰঝাৰ বিমানকোঠত প্ৰথমবাৰৰ বাবে উদ্বোধন কৰা হ’ল ‘ই-গেট’

গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত বৰ্দ্ধিত যাত্ৰীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন উন্নতমানৰ সেৱাৰ সংযোগ কৰি থকাৰ সময়তে, যাত্ৰীৰ সুবিধাৰ্থে শুকুৰবাৰে বিমানকোঠত ৪খনকৈ ‘ই-গেট’ৰ শুভাৰম্ভ কৰা হয়। উল্লেখযোগ্য যে, এই গেটেৰে যাত্ৰী সকলে নিজ-নিজ বৰ্ডিং টিকটত থকা কিউ-আৰ কোড লগাই টাৰ্মিনেললৈ প্ৰৱেশ কৰিব পাৰিব।

আগতে সুৰক্ষা এলেকা পাৰ হ’বলৈ অতি কমেও ৫ মিনিটৰ পৰা ১০ মিনিট সময় লাগিছিল। এতিয়া মাত্ৰ এক মিনিটৰ ভিতৰত যাত্ৰীসকলে সুৰক্ষা কক্ষৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব। এই ব্যৱস্থাই ভৱিষ্যতে সুৰক্ষা ব্যৱস্থাকো উন্নীতকৰণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। এই গেটসমূহৰ শুভ উদ্বোধন যাত্ৰীৰ দ্বাৰা কৰা হয়। উপস্থিত থাকে বৰঝাৰ বিমানকোঠৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱা। অনুষ্ঠানত বিমানকোঠৰ বহু জ্যেষ্ঠ বিষয়াও উপস্থিত আছিল।

NKTV Digital
Author: NKTV Digital

308 COMMENTS

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...