চেতনা দাস, প্ৰণয় বৰদলৈক লিঅ’ এক্সপ’ সন্মান প্ৰদান

ৰাজ্যৰ জনপ্ৰিয় শিল্পী চেতনা দাস আৰু জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈক দেওবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লিঅ’ এক্সপ’ সন্মান, ২০২২ প্ৰদান কৰে। উদ্যোগ-বাণিজ্য আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই হাস্যৰসেৰে সুদীৰ্ঘ কাল ৰাজ্যবাসীক হহুৱাই অহা শিল্পী চেতনা দাসক ‘লিঅ’ এক্সপ’ শিল্পী সন্মান’ প্ৰদান কৰে। আনহাতে, ৰাজ্যৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী উন্নয়ন মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে সাংবাদিক প্ৰণয় বৰদলৈক ‘লিঅ’ এক্সপ’ সাংবাদিক সন্মান হিচাপে বঁটা প্ৰদান কৰে। ভাষণ প্ৰসংগত দুয়োগৰাকী মন্ত্ৰীয়ে চেতনা দাস আৰু প্ৰণয় বৰদলৈৰ কৰ্মৰাজিৰ প্ৰশংসা কৰাৰ লগতে Leo advertisingৰ প্ৰচেষ্টাৰ শলাগ লয়। বঁটা হিচাপে দুয়ো গৰাকী ব্যক্তিকে ফুলাম গামোচা, চেলেং চাদৰ, মানপত্ৰৰ লগতে ১ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰে।

এই অনুষ্ঠানত ৰাজ্যিক তথ্য আয়ুক্ত সমুদ্ৰ গুপ্ত কাশ্যপ, বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামী, শিল্পী মণীষা হাজৰিকা জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে বক্তব্য দাঙি ধৰি Leo Advertisingৰ প্ৰয়াসক উচ্চ প্ৰশংসা কৰে। Leo Advertisingৰ বিষয়ববীয়া পাৰভেজ খান আৰু আকবৰ খানেও অনুষ্ঠানত অংশগ্ৰহণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...