গুৱাহাটীত ITF ছিনিয়ৰ আন্তর্জাতিক টেনিছ প্রতিযোগিতা

অসম টেনিছ সন্থাৰ উদ্যোগত আজিৰে পৰা অহা ১২ নৱেম্বৰলৈ গুৱাহাটীৰ চচলত থকা অসম টেনিছ সন্থাৰ নিজস্ব টেনিছ প্ৰকল্পত অনুষ্ঠিত হ’ব আই টি এফ ছিনিয়ৰ আন্তৰ্জাতিক টেনিছ প্রতিযোগিতা। অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই জনাই যে প্রতিযোগিতাত প্ৰায় ৮০ গৰাকী খেলুৱৈয়ে অংশ লৈছে। উল্লেখ্য যে, প্রতিযোগিতাত একক আৰু ডাবলছ শাখাৰ মেচ অনুষ্ঠিত হ’ব। ছিনিয়ৰ প্ৰতিযোগিতাত পুৰুষৰ ৩৫, ৪৫ আৰু ৫৫ বছৰ ঊৰ্ধৰ তথা মহিলাৰ ৩৫ বছৰ ঊৰ্ধৰ খেলুৱৈয়ে খেলিব। আই টি এফ আৰু আইটাৰ পঞ্জিয়ন থকা খেলুৱৈয়েহে এই আন্তর্জাতিক টেনিছ প্রতিযোগিতাত অংশ লোৱাৰ সুযোগ লাভ কৰিছে। উল্লেখ্য যে, আন্তর্জাতিক টেনিছ ফেডাৰেছনে দুখনকৈ আন্তর্জাতিক টেনিছ প্রতিযোগিতা গুৱাহাটীত আয়োজন কৰাৰ দায়িত্ব অর্পন কৰিছে অসম টেনিছ সন্থাক। সেই অনুসৰি ৮ৰ পৰা ১২ নৱেম্বৰলৈ গুৱাহাটীৰ চচলত থকা অসম টেনিছ সন্থাৰ নিজস্ব টেনিছ প্ৰকল্পত অনুষ্ঠিত হ’ব আই টি এফ ছিনিয়ৰ আন্তর্জাতিক টেনিছ প্রতিযোগিতা। আনহাতে, ১৫-২০ নৱেম্বৰলৈ একে স্থানতে অনুষ্ঠিত হ’ব আই টি এফ জুনিয়ৰ আন্তর্জাতিক টেনিছ প্রতিযোগিতা। প্রতিযোগিতাৰ মুঠ প্রাইজমানি তিনি লাখ চাৰি হেজাৰ টকা। ইফালে, জুনিয়ৰ প্ৰতিযোগিতাত ১৮ বছৰ অনুৰ্ধ ল’ৰা-ছোৱালীয়ে অংশ ল’ব। উল্লেখ্য যে, মহামাৰী কৰ’নাৰ পাছত অসমত অনুষ্ঠিত হ’ব লগা এইখনেই হ’ব প্ৰথমখন আন্তর্জাতিক ক্রীড়া প্রতিযোগিতা। ইফালে, অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তক আন্তর্জাতিক টেনিছ ফেডাৰেছনে উক্ত দুয়োখন আন্তর্জাতিক টেনিছ প্ৰতিযোগিতাৰ বাবে সঞ্চালক হিচাপে নিযুক্তি দিছে। ইফালে, এই প্রতিযোগিতা দুখনত ৰেফাৰীৰ দায়িত্বত থাকিব বংগৰ ছাইকত ৰয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...