গুৱাহাটীত ITF ছিনিয়ৰ আন্তর্জাতিক টেনিছ প্রতিযোগিতা

অসম টেনিছ সন্থাৰ উদ্যোগত আজিৰে পৰা অহা ১২ নৱেম্বৰলৈ গুৱাহাটীৰ চচলত থকা অসম টেনিছ সন্থাৰ নিজস্ব টেনিছ প্ৰকল্পত অনুষ্ঠিত হ’ব আই টি এফ ছিনিয়ৰ আন্তৰ্জাতিক টেনিছ প্রতিযোগিতা। অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই জনাই যে প্রতিযোগিতাত প্ৰায় ৮০ গৰাকী খেলুৱৈয়ে অংশ লৈছে। উল্লেখ্য যে, প্রতিযোগিতাত একক আৰু ডাবলছ শাখাৰ মেচ অনুষ্ঠিত হ’ব। ছিনিয়ৰ প্ৰতিযোগিতাত পুৰুষৰ ৩৫, ৪৫ আৰু ৫৫ বছৰ ঊৰ্ধৰ তথা মহিলাৰ ৩৫ বছৰ ঊৰ্ধৰ খেলুৱৈয়ে খেলিব। আই টি এফ আৰু আইটাৰ পঞ্জিয়ন থকা খেলুৱৈয়েহে এই আন্তর্জাতিক টেনিছ প্রতিযোগিতাত অংশ লোৱাৰ সুযোগ লাভ কৰিছে। উল্লেখ্য যে, আন্তর্জাতিক টেনিছ ফেডাৰেছনে দুখনকৈ আন্তর্জাতিক টেনিছ প্রতিযোগিতা গুৱাহাটীত আয়োজন কৰাৰ দায়িত্ব অর্পন কৰিছে অসম টেনিছ সন্থাক। সেই অনুসৰি ৮ৰ পৰা ১২ নৱেম্বৰলৈ গুৱাহাটীৰ চচলত থকা অসম টেনিছ সন্থাৰ নিজস্ব টেনিছ প্ৰকল্পত অনুষ্ঠিত হ’ব আই টি এফ ছিনিয়ৰ আন্তর্জাতিক টেনিছ প্রতিযোগিতা। আনহাতে, ১৫-২০ নৱেম্বৰলৈ একে স্থানতে অনুষ্ঠিত হ’ব আই টি এফ জুনিয়ৰ আন্তর্জাতিক টেনিছ প্রতিযোগিতা। প্রতিযোগিতাৰ মুঠ প্রাইজমানি তিনি লাখ চাৰি হেজাৰ টকা। ইফালে, জুনিয়ৰ প্ৰতিযোগিতাত ১৮ বছৰ অনুৰ্ধ ল’ৰা-ছোৱালীয়ে অংশ ল’ব। উল্লেখ্য যে, মহামাৰী কৰ’নাৰ পাছত অসমত অনুষ্ঠিত হ’ব লগা এইখনেই হ’ব প্ৰথমখন আন্তর্জাতিক ক্রীড়া প্রতিযোগিতা। ইফালে, অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তক আন্তর্জাতিক টেনিছ ফেডাৰেছনে উক্ত দুয়োখন আন্তর্জাতিক টেনিছ প্ৰতিযোগিতাৰ বাবে সঞ্চালক হিচাপে নিযুক্তি দিছে। ইফালে, এই প্রতিযোগিতা দুখনত ৰেফাৰীৰ দায়িত্বত থাকিব বংগৰ ছাইকত ৰয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...