গুৱাহাটীৰ ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰকিংছ আই পি এল মেচৰ টিকট ছল্ডআউট

চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] ত প্ৰতিটো দিনতে নতুন নতুন অপ্ৰত্যাশিত অথচ গৌৰৱৰ অভিলেখত নাম সন্নিবিষ্ট হৈছে অসমৰ৷ ক্ৰমাগত তৃতীয়টো বৰ্ষৰ বাবে অসমত অনুষ্ঠিত হ’বলগা আই পি এল মেচৰ ৰোমাঞ্চ আৰু উত্তেজনাৰ কাউণ্ট ডাউন চলি থকাৰ সময়তে আজি আৰু এটা অভিলেখ সৃষ্টি হ’ল৷

অহা ৩০ মাৰ্চত এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ মেচখনৰ সকলো টিকট আজি বিক্ৰি হোৱা বুলি অবগত কৰিছে ৰয়েলছৰ টিকেটিং পাৰ্টনাৰ বুক মাই শ্ব’ৱে৷ উল্লেখ্য যে প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ কোনো ক্ৰিকেট মেচৰ সকলো টিকট বিক্ৰি হোৱাৰ ঘটনা এইবাৰ আৰ আৰ বনাম চি এছ কে মেচত সংঘটিত হ’ল৷

ইয়াৰপূৰ্বে গুৱাহাটীত আই পি এল, আন্তৰ্জাতিক টি-২০ তথা এদিনীয়া মেচ অনুষ্ঠিত হৈছিল যদিও কোনো এখন খেলতে ছ’ল্ডআউট সফলতা দৰ্শকৰ পৰা পোৱা হোৱা নাছিল৷ কিন্তু আজি ৰাজস্থান ৰয়েলছ দল গুৱাহাটীত ভৰি থোৱাৰ লগে লগে তথা আই পি এলৰ ক্ৰিকেট যুদ্ধ আৰম্ভ হ’বলৈ ৪৮ ঘণ্টা বাকী থকাত বুকমাই শ্ব’ই অহা ৩০ মাৰ্চত এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ মেচখনৰ সকলো টিকট বিক্ৰি হোৱা বুলি আনুষ্ঠানিকভাবে অবগত কৰিছে৷

এই ঘটনাৰ পাছতে এতিয়া আই পি এল উপভোগ কৰিব বিচৰা অসম তথা উত্তৰ পূৱৰ ৰাইজে অহা ২৬ মাৰ্চত গুৱাহাটীত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছৰ মেচৰহে টিকট ল’ব লাগিব৷ এই মেচৰ কিছু টিকট অনলাইনত থকা বিষয়ে অৱগত কৰিছে বুকমাই শ্ব’ই৷

উল্লেখ্য যে ‘এক দল, এক ভাষা৷ জন্ম ৰাজস্থানত, উদযাপন অসমত৷’ শ্ল’গানৰে চলিত আই পি এলৰ প্ৰথম দুখন ঘৰুৱা মেচে গুৱাহাটীত খেলিবলৈ আহিছে ৰাজস্থান ৰয়েলছে৷ স্বাভৱিকতে এয়া অসমৰ বাবে এক অভিলেখ৷ কোনো আই পি এল দলে নিজৰ প্ৰথম ঘৰুৱা মেচে গুৱাহাটীত খেলি অসমক গৌৰৱৰ অধিকাৰী কৰিছে৷

ইফালে, এইবাৰ ৰাজস্থান ৰয়েলছ দলক ছিজনৰ আৰম্ভনিত নেতৃত্ব দিছে অসম সন্তান ৰিয়ান পৰাগে৷ ৰয়েলছ দলে ছিজনৰ প্ৰথম সপ্তাহটো সঞ্জু ছেমছনক নেতৃত্বৰ পৰা আঁতৰাই ৰাখি ভাৰতীয় ক্ৰিকেটৰ নৱতম চাঞ্চল্য অসম সন্তান ৰিয়ানৰ ওপৰত আস্থা ৰাখি অধিনায়কৰ সন্মানীয় লগতে গধুৰ দায়িত্ব অৰ্পন কৰিছে৷ গুৱাহাটীত হ’বলগা দূয়োখন মেচতে ৰাজস্থান ৰয়েলছ দলে অসম জননীৰ গৌৰৱময় সন্তান ৰিয়ানৰ নেতৃত্বতে খেলিব৷ স্বাভাৱিকতে এয়া অসম আৰু অসমীয়াৰ বাবে চিৰস্মৰণীয় গৌৰৱ লগতে সোণালী ইতিহাসৰ জাকতজিলিকা এক নতুন অধ্যায়৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...