আত্মসন্তুষ্টি লাভৰ বাবেই ককা-আইতাই দান কৰিলে চকুজুৰি

মানুহৰ মনত প্ৰৱল ইচ্ছা শক্তি থাকিলে কি কৰিব নোৱাৰে। কিছুমান বিশেষ লোকৰ কিছুমান বিশেষ কামে চুই যাই সকলোৰে মন। তেনে কিছুলোকৰ বিশেষ কামক লৈ আজি আমি আপোনালোকৰ বাবে আগবঢ়াইছো এখন বৃদ্ধাশ্ৰমৰ এটা ভাল লগা কাহিনী। যি কাম সাধাৰণ লোকে কৰিব নোৱাৰে সেই কাম কৰি দেখুৱালে নিৰিবিলি বৃদ্ধাবাসৰ ককা আইতা সকলে। নেত্ৰ দান হৈছে মহান দান। এই মহান দান কৰিলে মঙলদৈ নিৰিবিলি বৃদ্ধা বাসৰ ককা-আইতাই। বৃদ্ধাশ্ৰমখনৰ ২৯ গৰাকী লোকে দান কৰিলে চকু।

জীৱনৰ বিয়লি বেলাত বৃদ্ধাশ্ৰমত থাকি নিৰিবিলি বৃদ্ধাবাসৰ ২৯গৰাকী ককা-আইতাই কৰিলে মহান কাম। নিজৰ চকুজুৰি দান কৰি আত্মসন্তুষ্টি লাভ কৰিলে এইসকল ককা-আইতাই। মঙলদৈ চপাইত আছে ককা আইতা সকলৰ বাবে এইখন বৃদ্ধাশ্ৰম। যিখন বৃদ্ধাশ্ৰমত বাস কৰে ৩০ গৰাকীকৈ বৃদ্ধ লোকে। ঘৰুৱা অশান্তি, আৰ্থিক অনাটন, গৃহহীন বা অন্য কিছু সমস্যাৰে জৰ্জৰিত এইসকল বৃদ্ধ ককা আইতাই নিৰিবিলি বৃদ্ধাবাসত আহি জীৱনৰ বিয়লি বেলাত লাভ কৰিছে কিছু শান্তি। ইয়াৰে ২৯ গৰাকী ককা আইতাই দৃষ্টিহীন লোকৰ বাবে আগবঢ়ালে নিজৰ চকুজুৰি। সমাজৰ বাবে কিবা এটা কৰি যোৱাৰ চিন্তা কৰিয়েই এই মহান কাম হাতত লৈছে এই সকল ককা আইতাই। চকুদান কৰি এজন ককাই ক’লে। আমাৰ চকুজুৰি বাবে যদি অন্য দৃষ্টিহীন এজন লোকে পৃথিৱীখন দেখে ইয়াতকৈও সুখৰ কথা কি হব পাৰে।

জীৱনৰ বিয়লি বেলাত বৃদ্ধাশ্ৰমত থাকি এই সকল ককা-আইতাই যি মহান কাম কৰিলে এই কামক লৈ সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে। সমাজত এতিয়াও ভাল মানুহ আছে বাবেই সমাজখন ইমান সুন্দৰ। ককা-আইতা সকলৰ এই অৱদান সমাজৰ বাবে এক দৃষ্টান্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...