জৰীপ প্ৰক্ৰিয়াত হেমাহি কৰা উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে

‘উচ্চ শিক্ষাৰ সৰ্বভাৰতীয় জৰীপ’ শীর্ষক সভাত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ

ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা ‘উচ্চ শিক্ষাৰ সৰ্বভাৰতীয় জৰীপ’ শীর্ষক এখন উচ্চ শিক্ষা প্রতিষ্ঠানৰ অংশীদাৰীৰ সভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে। উল্লেখ্য যে উচ্চ শিক্ষাৰ সৰ্বভাৰতীয় জৰীপত পঞ্জীয়নভুক্ত দেশৰ উচ্চ শিক্ষা প্রতিষ্ঠানসমূহক সামৰি এক বার্ষিক ৱেব ভিত্তিক জৰীপৰ জৰিয়তে ছাত্র-ছাত্ৰীৰ নামভর্তি, শৈক্ষিক কার্যসূচী, শিক্ষক তথা পৰীক্ষাৰ ফলাফল, আন্তঃগাঁথনি আদি কেইবাটাও পৰিমাপৰ ওপৰত ভিত্তি কৰি তথ্য সংগ্ৰহ কৰা হয়। ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্রণালয়ৰ পৰিসংখ্যা বিভাগ, ৰাষ্ট্রীয় তথ্য বিজ্ঞান কেন্দ্র, ৰাষ্ট্রীয় শিক্ষা পৰিকল্পনা আৰু প্রশাসন বিশ্ববিদ্যালয় তথা বিশ্ববিদ্যালয় অনুদান আয়োগে এক সুস্থ তথ্য কোষ প্রস্তুতৰ বাবে সম্প্রতি এই জৰীপৰ ত্রয়োদশ বাউণ্ড অব্যাহত ৰাখিছে। এই পৰিসংখ্যাৰ বিস্তৃত তথ্যকোষে সিদ্ধান্ত গ্রহণকাৰীসকলৰ লগতে অংশীদাৰসকলকো সিদ্ধান্ত আৰু ভৱিষ্যতৰ পৰিকল্পনা গ্রহণ কৰাৰ সুযোগ প্রদানত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে।

এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডক বিকশাই তোলাৰ বাবে ৰাজ্য চৰকাৰে প্রয়াস চলাই আহিছে। সম্প্রতি চলি থকা জৰীপ প্রক্রিয়াত ৰাজ্যিক আৰু ব্যক্তিগত উচ্চ শিক্ষাৰ প্রতিষ্ঠানসমূহে প্রয়োজনীয় তথ্য দাখিলৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রীয়ে কয় যে যিসকল ৰাজ্যিক আৰু ব্যক্তিগত বিশ্ববিদ্যালয়ে এই জৰীপ প্ৰক্ৰিয়াৰ নিৰ্দিষ্ট প্রপত্র পূৰণত গাফিলতি কৰে তেওঁলোকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ দৃষ্টিভংগী গ্রহণ কৰি প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ শৈক্ষিক ভাবমূর্তি ম্লান কৰিব বিচৰা কোনো কার্যকে ৰাজ্য চৰকাৰে সহজভাৱে নল’ব। মুখ্যমন্ত্রীয়ে এই জৰীপ প্রক্রিয়াত হেমাহি কৰা উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্রহণ কৰিব বুলিও মন্তব্য কৰে।

এই অনুষ্ঠানত শিক্ষা আদি বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেণ্ড, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ড° ননীগোপাল মহন্ত, শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ প্ৰমুখ্যে উচ্চ শিক্ষা প্রতিষ্ঠানসমূহৰ প্রতিনিধিবর্গ উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...