চিকিৎসালয়ৰ পৰা ঘৰলৈ গ’ল গোবিন্দা

চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হ’ল গোবিন্দাক। দুৰ্ভাগ্যবশতঃ নিজৰ ৰিভলভাৰেৰে গুলীবিদ্ধ হৈছিল অভিনেতাজন।

দুৰ্ঘটনাৰ পিছতে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল গোবিন্দাক। শুকুৰবাৰে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় অভিনেতাজনক। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ ভিডিঅ’।

হুইলচেয়াৰত বহি থকা দেখা গৈছে গোবিন্দাক। ১ অক্টোবৰৰ পুৱা প্ৰায় ৪ বাজি ৪৫ মিনিটত গুলীবিদ্ধ হৈছিল অভিনেতাজন৷ নিজৰ অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰটো পৰীক্ষা কৰি থাকোঁতেই অভাৱনীয়ভাৱে সংঘটিত হৈছিল সেই দুৰ্ঘটনা। বাওঁভৰিত আঘাতপ্ৰাপ্ত হৈছিল জনপ্ৰিয় অভিনেতাজন। লগে-লগে মুম্বাইৰ ক্ৰিটিকেয়াৰ হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল গোবিন্দাক। শুকুৰবাৰে তেওঁক অব্যাহতি দিয়া হৈছে চিকিৎসালয়ৰ পৰা। চিকিৎসালয়ৰ বাহিৰত পৰিয়ালৰ সদস্যসকলৰ সৈতে দেখা গ’ল গোবিন্দাক৷

গোবিন্দাৰ সৈতে দেখা গ’ল পত্নী সুনীতা আহুজা আৰু জীয়াৰী টিনা আহুজাক। দেশজুৰি অগণন অনুৰাগী আছে ১৯শ শতিকাৰ পৰা বলিউডত দপদপাই থকা চিৰসেউজ অভিনেতা গোবিন্দাৰ। অভিনেতাজনৰ সুস্থতাই সুখী কৰিছে অনুৰাগীসকলক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...