চৰকাৰী কৰ্মচাৰীয়ে চোবাই গিলিলে ‘ঘোচৰ টকা’!

উত্তৰাখণ্ডৰ ডেৰাডুনত ঘোচ ল’বলৈ গৈ ধৰা পৰিল এজন চৰকাৰী কৰ্মচাৰী। তদুপৰি, ঊৰ্ধ্বতন বিষয়াসকলক আহি থকা দেখি ঘোচৰ টকা চোবাই গিলি পেলালে তেওঁ! তথাপি, তেওঁ ৰক্ষা পৰা নাছিল। অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।

ডেৰাডুনৰ কলছি অঞ্চলত পাটোৱাৰী হিচাপে কৰ্মৰত আছিল অভিযুক্ত। তেওঁৰ নাম গুলাম হায়দৰ। ঘোচ লওঁতে তেওঁক হাতে-লোটে ধৰিছিল ৰাজ্যৰ ভিজিলেন্সৰ বিষয়াসকলে। তেওঁক ধৰিবলৈ পূৰ্বৰ পৰা ফান্দ পাতি ৰখা হৈছিল। অভিযোগ অনুসৰি, ধৰা পৰাৰ পিছত প্ৰমাণ নষ্ট কৰাৰ চেষ্টাত তেওঁ চাৰিখন ৫০০ টকীয়া নোট চোবাই চোবাই গিলি পেলাইছিল। পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

জানিব পৰা মতে, স্থানীয় এজন ব্যক্তিক ঘোচ বিচাৰিছিল হায়দৰে। সেই বিষয়ে সংশ্লিষ্ট বিভাগৰ দৃষ্টি আকৰ্ষণ কৰা হৈছিল। অভিযোগ অনুসৰি, বাসস্থানৰ দুখন চৰকাৰী প্ৰমাণপত্ৰ তৈয়াৰ কৰি দিয়াৰ বাবে গুলাম হায়দৰে দুই হাজাৰ টকা ঘোচ বিচাৰিছিল। তাৰ পিছতেই ফান্দ পাতি তেওঁক ধৰা হয়। অভিযোগকাৰীক নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট পৰিমাণৰ টকা লৈ গুলামৰ ওচৰলৈ যাবলৈ কোৱা হৈছিল। তাত ভিজিলেন্সৰ বিষয়াসকলে আগতীয়াকৈ অপেক্ষা কৰি আছিল। চাৰিখন ৫০০ টকীয়া নোট হাতত লোৱাৰ লগে লগে তেওঁক ধৰি লোৱা হয়। প্ৰত্যক্ষদৰ্শীসকলে জনোৱা মতে, ধৰা পৰাৰ পিছত তেওঁ সম্পূৰ্ণ টকাখিনি মুখত ভৰাই চোবাই গিলি পেলাইছিল। ঘোচ গ্ৰহণ, প্ৰমাণ নষ্ট কৰাৰ লগতে একাধিক অভিযোগৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...