দেশত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

দেশত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। শিয়ালদাহমুখী কাঞ্চনজংঘা এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত। মালবাহী ৰে’লৰ খুন্দাত লাইনচ্যুত হয় দুটা দবা। ভয়ংকৰ দুৰ্ঘটনাত নিহত হয় ৫জন যাত্ৰী। আহত বহু যাত্ৰী, উদ্ধাৰ অভিযান অব্যাহত। নিউ জলপাইগুৰিৰ ফান্সিদেৱা অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা। মালবাহী ট্ৰেইনখনৰো কেইবাটাও দবা লাইনচ্যুত হয় দুৰ্ঘটনাত। আগৰতলাৰ পৰা শিয়ালদাহ অভিমুখী আছিল কাঞ্জনজংঘা এক্সপ্ৰেছ। ঘটনাৰ বুজ লৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱেও সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিছে উদ্ধাৰৰ বাবে। ৰে’লৱে-NDRF-SDRF-এ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। দুৰ্ঘটনাক লৈ ৰে’লৱেৰ হেল্পলাইন নম্বৰ মুকলি। শিয়ালদাহৰ বাবে 033-23508794 আৰু 033-23833326 নম্বৰ মুকলি। গুৱাহাটীৰ বাবে মুকলি 0361-2731621, 0361–2731622 নম্বৰ। গুৱাহাটীৰ বাবে তৃতীয়টো নম্বৰ– 0361–2731623।

শেহতীয়া খবৰ অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত শিয়ালদাহমুখী কাঞ্চনজংঘা এক্সপ্ৰেছত আছিল অসমৰো বহু যাত্ৰী। ৰে’লখনত আছিল লংকা, হোজাই, লামডিঙৰ বহু যাত্ৰী। লামডিঙৰ ৪৫, লংকাৰ ২৪জন যাত্ৰী আছিল ৰে’লখনত। হোজাইৰ পৰাও গৈছিল ২৬ জনকৈ যাত্ৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...