আপুনি গাহৰি পালক নেকি? তেন্তে আপোনাৰ বাবে এই খবৰ

থলুৱা গাহৰি পালকৰ বাবে অধিক লাভজনক হোৱাৰ দিশৰ প্ৰত্যাহ্বান সমুহ নাইকীয়া কৰি থলুৱা গাহৰি পালকসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াইছে অসম কৃষি বিশ্ববিদ্যালয়ে । গাহৰি পালক সকলক সকাহ দিবলৈ বিশ্ববিদ্যালয়ে দীৰ্ঘদিনীয়া গৱেষণাৰ জৰিয়তে এক অভিনৱ প্ৰযুক্তিৰ যন্ত্ৰ নিৰ্মাণ কৰি উলিয়াইছে। যাৰ জৰিয়তে অধিক লাভান্বিত হ’ব পাৰিব গাহৰি পালকসকল । গাহৰি পালনৰ ক্ষেত্ৰৰ দীৰ্ঘদিনীয়া অন্তৰায় তথা প্ৰত্যাহ্বান আতৰাই ‘পিগীফ্লাস্ক’ নামৰ এই যন্ত্ৰৰ জৰিয়তে থলুৱা গাহৰিৰ কৃত্ৰিম প্ৰজনন সুকলমে সম্পন্ন কৰিব পৰা যাব। ফলত পূৰ্বতকৈ অধিক লাভান্বিত হ’ব পাৰিব গাহৰি পালকসকল। অসম কৃষি বিশ্ববিদ্যালয়ৰ খানাপাৰাস্থ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ এদল গৱেষক বিজ্ঞানীয়ে গৱেষণাৰ জৰিয়তে এই সাফল্য লাভ কৰি গাহৰি পালকৰ মাজত সন্তুষ্টিৰ হাঁহি বিলাবলৈ সক্ষম হৈছে। এই বিষয়ে জানিবলৈ দি বিশ্ববিদ্যালয়ৰ জৈৱপ্ৰযুক্তি বিভাগৰ মুৰব্বী তথা এই প্ৰকল্পৰ সঞ্চালক অধ্যাপক ড° নগেন্দ্ৰ নাথ বৰ্মণে কয় যে, ‘গাহৰিৰ কৃত্ৰিম প্ৰজননৰ ক্ষেত্ৰৰ এটা প্ৰধান সমস্যা আমি এই যন্ত্ৰৰ জৰিয়তে সমাধান কৰিবলৈ সক্ষম হৈছো ।

সাধাৰণতে নিম্ন উষ্ণতাত সংৰক্ষণ কৰি ৰখা শুক্ৰানু পালকৰ ওচৰত উপলব্ধ কৰোৱাত সমস্যা হয় আৰু উষ্ণতাৰ সামান্য তাৰতম্যৰ বাবে শুক্ৰানুবোৰ নষ্ট হৈ গাহৰিৰ কৃত্ৰিম প্ৰজননত পালকসকল বিফল হয়। যাৰবাবে বহুসময়ত অধিক লাভান্বিত হ’ব নোৱাৰে পালকসকল। সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি আমি ডিবিটি -নিকেব্হ প্ৰকল্পৰ সৌজন্যত পিগীফ্লাস্ক নামৰ এই যন্ত্ৰ নিৰ্মাণ কৰি উলিয়াইছো। পেলটিয়েৰ ইফেক্ট নীতিৰ আধাৰত চলা এই যন্ত্ৰটোত বিসদৃশ পৰিবাহীৰে গঠিত বৈদ্যুতিক বৰ্তনীৰ মাজেৰে বিদ্যুত প্ৰবাহিত হোৱাৰ ফলত সৃষ্ট তাপ শক্তি এটা বৈদ্যুতিক পথসন্ধিত নিবিষ্ট হৈ আন এটা পথসন্ধিত ত্যাগ কৰে আৰু পূৰ্বৰ দৰে শীতলীকৃত হয়। সেয়ে এই যন্ত্ৰৰ জৰিয়তে গাহৰিৰ শুক্ৰানু ৫ ঘন্টা পৰ্য্যন্ত সংৰক্ষণ কৰি এঠাইৰ পৰা আন ঠাইলৈ সৰবৰাহ কৰিব পৰা পৰীক্ষণ সফলতাৰে সম্পন্ন কৰা হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই এই সম্পৰ্কত কয় যে বৰ্তমান সময়ত গাহৰি পালন তথা এই ক্ষেত্ৰৰ আনূষংগিক উদ্যোগ এক অতি লাভজনক ব্যৱসায়। এই উদ্যোগে কৃষি অৰ্থনীতিৰ বিকাশৰ দিশত অতি খৰতকীয়া গতিৰে আগবঢ়াৰ সমান্তৰালভাবে নতুন নতুন উদ্যোগী এই দিশৰ লগত জড়িত হোৱাটো আমাৰ বাবে আশাপ্ৰদ খবৰ। গাহৰি পালন তথা এই দিশৰ খুতিনাটি সমুহ আতৰাই ইয়াক গতিশীল কৰিবলৈ অসম কৃষি বিশ্ববিদ্যালয়ে পদক্ষেপ গ্ৰহণ কৰিছে এই আমাৰ গৱেষক বিজ্ঞানীৰ পিগীফ্লাক্সৰ উদ্ভাৱনে এই দিশত অধিক অগ্ৰগতিৰ ফালে আগুৱাই নিব ।এই প্ৰকল্পত জড়িত উদ্ভাৱক বিজ্ঞানী সকলকো অভিনন্দন জনাই উপাচাৰ্যই। উল্লেখ্য যে ড° নগেন্দ্ৰ নাথ বৰ্মণে প্ৰকল্প সঞ্চালক হিচাপে থকা প্ৰকল্পটোত ড° মৃণাল নাথে সহযোগী প্ৰকল্প সঞ্চালক আৰু সহকাৰী অধ্যাপক ডা: ধ্ৰুৱজ্যোতি বৰপূজাৰীয়ে এই প্ৰকল্পৰ জৰিয়তে পিগীকেৰিয়াৰ আৰু পিগীকেৰিয়াৰৰ ব্যৱহাৰৰ জৰিয়তে গাহৰি সহজে আঘাট নোপোৱাকৈ নিয়ন্ত্ৰণ কৰিব পৰা দুবিধ আহিলাও উদ্ভাৱন কৰি গাহৰি পালন উদ্যোগৰ উন্নয়নৰ দিশত ফলপ্ৰসু ব্যৱস্থাৰে আগবাঢ়িছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...