ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল চাহ বা কফিৰ কাপতকৈও কম। এইটো উৰাবাতৰি যেন লাগিব পাৰে, কিন্তু দক্ষিণ আমেৰিকাৰ দেশ ভেনিজুৱেলাত ই বাস্তৱ।

ভাৰতত সোণৰ দাম আকাশলংঘী হোৱাৰ বিপৰীতে ভেনিজুৱেলাত অংকটো সম্পূৰ্ণ ওলোটা। পৰিসংখ্যা চালে ভাৰতত ২৪ কেৰেটৰ এক গ্ৰাম সোণৰ দাম প্ৰায় ১৩,৮২৭ টকা। ইয়াৰ বিপৰীতে ভেনিজুৱেলাত একে বিশুদ্ধতাৰ সোণৰ মূল্য ভাৰতীয় মুদ্ৰাত মাত্ৰ ১৮১.৬৫ টকা। ভাৰতৰ এখন ভাল ৰেষ্টুৰেণ্টত চাহ একাপৰ দামৰ দামত পাব ১ গ্ৰাম সোণ।

ভেনিজুৱেলাত ২২ কেৰেটৰ সোণৰ দামো একেধৰণৰ, প্ৰতি গ্ৰাম বিক্ৰী হয় প্ৰায় ১৬৬ টকাত। কিন্তু এই সস্তীয়া সোণখিনি দেশখনৰ বাবে সমৃদ্ধিৰ প্ৰতীক নহয়, দেশখনৰ মুদ্ৰা ভেনিজুৱেলাৰ বলিভাৰ (VES)ৰ ধ্বংস আৰু ঐতিহাসিক অৱনতিৰ প্ৰতীক।

ৰয়টাৰ আৰু ছুইজাৰলেণ্ডৰ সম্প্ৰচাৰক এছ আৰ এফৰ প্ৰতিবেদন অনুসৰি ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ কাৰ্যকালত বিশেষকৈ ২০১৩ চনৰ পৰা ২০১৬ চনৰ ভিতৰত প্ৰায় ১১৩ মেট্ৰিক টন সোণ গোপনে ছুইজাৰলেণ্ডলৈ প্ৰেৰণ কৰা হৈছিল।

চৰকাৰে অৰ্থনীতিৰ সহায় আৰু ঋণ পৰিশোধৰ বাবে নিজৰ সোণৰ মজুত ব্যাপকভাৱে ব্যৱহাৰ কৰিছিল। ফলত এসময়ৰ সোণ সমৃদ্ধ এই দেশখনৰ চৰকাৰী সোণৰ মজুত বছৰৰ পিছত বছৰ ধৰি কমি আহিছে। ট্ৰেডিং ইকনমিক্সৰ তথ্য অনুসৰি ২০২৪ চনৰ ভিতৰত ভেনিজুৱেলাত মাত্ৰ ১৬১ টন সোণ বাকী থাকিব। দুৰ্নীতি আৰু মুদ্ৰাস্ফীতিৰ তাণ্ডৱত দেশৰ চৰকাৰী কোষাগাৰ প্ৰায় খালী হৈ পৰিছে।

ভেনিজুৱেলাৰ বিড়ম্বনাৰ কথাটো হ’ল এই দেশখন দুখীয়া নহয়, বৰঞ্চ ইয়াৰ ব্যৱস্থাই ইয়াক অসহায় কৰি তুলিছে। বিশ্বৰ ১৭% খাৰুৱা তেলৰ মজুত এই দেশৰ হাতত আছে। কেৱল তেলেই নহয়, চৰকাৰী দাবী অনুসৰি ভেনিজুৱেলাত অৰিনোকো মাইনিং আৰ্কৰ তলত পুতি থোৱা ৮ হাজাৰ টনতকৈ অধিক সোণ, হীৰা আৰু বক্সাইটৰ বিশাল মজুত আছে।

যদিহে খনন কাৰ্য সঠিকভাৱে চলিলহেঁতেন তেন্তে ভেনিজুৱেলা আজি বিশ্বৰ আটাইতকৈ ধনী দেশসমূহৰ ভিতৰত স্থান পালেহেঁতেন। কিন্তু দুৰ্বল নীতি আৰু সম্পদৰ অপব্যৱহাৰৰ বাবে বিশ্ব সোণ পৰিষদৰ তথ্য অনুসৰি ২০২৪ চনৰ শেষভাগলৈকে চৰকাৰী সোণৰ উৎপাদন মাত্ৰ ৩০.৬ টনহে আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...