গুজৰাট উচ্চ ন্যায়ালয়ৰ ভাষ্যত তোলপাৰ দেশ

‘ভাৰতত গৰুক ভগৱান হিচাপে পূজা কৰা হয়’
‘গো–হত্যা কৰিলে ভগৱানে ক্ষমা নকৰে’
উচ্চ ন্যায়ালয়ৰ ভাষ্যত তোলপাৰ দেশ

গো–হত্যাক লৈ দেশত অব্যাহত আছে ক্ৰিয়া–প্ৰতিক্ৰিয়া। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্যত গুজৰাট উচ্চ ন্যায়ালয়ে এক ৰায়ৰ সন্দৰ্ভত কৰিলে এই বিশেষ মন্তব্য। কেৱল গো–হত্যাই নহয়-
‘গৰুৰ ওপৰত অত্যাচাৰ কৰিলেও ক্ষমা নকৰে ভগৱানে’
পথত গৰুৰ বাবে দুৰ্ঘটনাৰ পৰিমাণ বৃদ্ধি পোৱাৰ প্ৰসংগত এক ৰায় দিবলৈ…

কিন্তু গৰুক ভাৰতত ভগৱান হিচাপে পূজা কৰা আৰু গৰু হত্যা কৰিলে ভগৱানে ক্ষমা নকৰে বুলি কৰা মন্তব্যই তোলপাৰ লগাইছে দেশ। প্ৰশ্ন উঠিছে বিভিন্ন ধৰ্মালম্বী লোকে বাস কৰা ভাৰতত আদালতৰ এনে মন্তব্যই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব নেকি? কাৰণ অহিন্দু বহুলোকৰ খাদ্যভাসত আছে গো মাংস। ভাৰতত বিভিন্ন ধৰ্মালম্বী লোক আছে। হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধৰ উপৰি পৰম্পৰাগত ধৰ্মৰ ওপৰত বিশ্বাস কৰা লোকেৰে ভৰি থকা ভাৰতত গো হত্যাক লৈ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হয়। হিন্দুক বাদ দি বিভিন্ন ধৰ্মালম্বী লোকৰ গো মাংস ভক্ষণ কৰাতো পৰম্পৰা। এনে অৱস্থাত গুজৰাট উচ্চ ন্যায়ালয়ৰ এক ভাষ্য তোলপাৰ লগাইছে দেশ। এক দুৰ্ঘটনাৰ আলম লৈ গুজৰাট উচ্চ ন্যায়ালয়ে কৰিলে এই বিশেষ মন্তব্য।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...