ক্লিনিকেল নিউৰ ‘ফিজিঅ’লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ এইমছ আৰু লক্ষ্ণৌৰ এছজিপিজিআই-ৰ বিশিষ্ট স্নায়ুৰোগ বিশেষজ্ঞসকলৰ উপস্থিতিত সুকলমে সম্পন্ন। জিএনআৰচি হাস্পতালৰ উদ্যোগত আজি গুৱাহাটীৰ নেল্ফি কভেনচন চেণ্টাৰত বসন্তকালীন চিএমই ২০২৬। ক্লিনিকেল নিউৰ’ফিজিঅ’লজি আপডেট আয়োজন কৰা হয়। এই চিএমই খনত অঞ্চলটোৰ বিভিন্ন স্থানৰ আগশাৰীৰ স্নায়ুৰোগ বিশেষজ্ঞ, স্নায়ুশৈল্য আৰু চিকিৎসা পেছাদাৰীসকল একগোট হৈ ক্লিনিকেল নিউৰ’ফিজিঅ’লজি বিজ্ঞান আৰু স্নায়ুৰোগ পৰিচালনাত ইয়াৰ গুৰুত্বপূর্ণ ভূমিকা সন্দৰ্ভত এক সমৃদ্ধ একাডেমিক আলোচনাচক্র অনুষ্ঠিত কৰা হয়।

এই চিএমইখন জিএনআৰচি হাস্পতালৰ অধীনত থকা উত্তৰ গুৱাহাটীস্থিত জিএনআৰচি মেডিকেলৰ স্নায়ুবিজ্ঞান বিভাগৰ দ্বাৰা আয়োজন কৰা হৈছে। জিএনআৰচি গ্রুপ অৱ হাস্পতাল আৰু সার্বজনীন স্বাস্থ্যসেবা অভিযানৰ প্রতিষ্ঠাতা ডাঃ নোমল চন্দ্ৰ বৰা এই অনুষ্ঠানত মুখ্য পৃষ্ঠপোষক হিচাপে উপস্থিত আছিল। স্নায়ুবিজ্ঞানৰ ক্ষেত্ৰত তেওঁৰ অৱদান বিশেষ উল্লেখযোগ্য। চাৰি দশক আগতে তেওঁ জিএনআৰচি হাস্পতালত প্রথম ইইজি (EEG) সুবিধা প্ৰৱৰ্তন কৰিছিল, যাৰ ফলত আজি এক উন্নত স্নায়ু চিকিৎসা ব্যৱস্থাৰ স্থাপন হৈছে।

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল অসম চিকিৎসা শিক্ষাৰ সঞ্চালক ডাঃ মনোজ চৌধুৰী। তেওঁৰ উপস্থিতিয়ে অনুষ্ঠানটোক গুৰুত্বপূর্ণ প্রতিষ্ঠানিক স্বীকৃতি প্রদান কৰাৰ লগতে ৰাজ্যখনত স্বাস্থ্যসেৱাৰ মান উন্নয়ন কৰিবলৈ নিৰন্তৰ চিকিৎসা শিক্ষাৰ প্ৰয়োজনীয়তাক পুনৰ দৃঢ় কৰে।

এই অনুষ্ঠানৰ মুখ্য আকর্ষণ আছিল দুটা উচ্চমানৰ একাডেমিক অধিবেশন:
প্রথম অধিবেশনত: সঞ্জয় গান্ধী প’ষ্ট গ্রেজুবেট ইনষ্টিটিউট অব মেডিকেল চাইন্সৰ স্নায়ুৰোগ বিভাগৰ প্ৰফেচৰ ডাঃ জয়ন্তী কলিতা ইইজি, এনচিভি, ইএমজি আৰু ইভ’ক পটেন্সিয়েল আদি নিউৰ’ফিজিয়’লজিকেল পৰীক্ষাসমূহ কেতিয়া আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰত বিস্তৃত আলোচনা আগবঢ়ায়। তেওঁৰ উপস্থাপনাই এভিডেন্স বেড্ড ডায়গ্লোস্টিক ডিচিচন মেকিং (evidence-based diagnostic decision-making) এক সুস্পষ্ট কাঠামো প্রদান কৰে।

দ্বিতীয় অধিবেশনটো: দিল্লী এইমছন স্নায়ুৰোগ বিভাগৰ প্ৰফেচৰ ডাঃ মঞ্জাৰী ত্রিপাঠীয়ে মৃগীৰোগ পৰিচালনাত (Epi-lepsy Management) ইইজি-ৰ ভূমিকা, লগতে ষ্টেৰিঅ’ইইজি (Stereo EEG) আৰু এমইজি (MEG)-ৰ দৰে আধুনিক প্রযুক্তিৰ বিষয়ে গুৰুত্বপূর্ণ তথ্য প্রদান কৰে।

এই অনুষ্ঠানটো জিএনআৰচি হাস্পতালৰ এক বিশেষজ্ঞ আয়োজক সমিতিয়ে পৰিচালনা কৰে। জিএনআৰচি হাস্পতালৰ স্নায়ুশৈল্য সঞ্চালক ডাঃ নভনীল বৰুৱাই আয়োজক সমিতিৰ সভাপতি হিচাপে দায়িত্ব পালন কৰে। তেওঁৰ নেতৃত্বই অনুষ্ঠানটোক এক শক্তিশালী একাডেমিক ভিত্তি প্রদান কৰে।

উত্তৰ গুৱাহাটীস্থিত জিএনআৰচি মেডিকেলৰ নিউৰ ‘ফিজিঅ’লজি বিভাগৰ পৰামৰ্শদাতা ডাঃ মৌচুমী বৰঠাকুৰ আৰু স্নায়ুৰোগ পৰামৰ্শদাতা ডাঃ অমিত ৰঞ্জন বৰুৱাই এই অনুষ্ঠানৰ পৰিকল্পনা, সমন্বয় আৰু সফল বাস্তবায়নত মুখ্য ভূমিকা গ্রহণ কৰে আৰু ৰাষ্ট্ৰীয় পর্যায়ৰ বিশেষজ্ঞসকলক একগোট কৰিবলৈ সক্ষম হয়।

সংবাদ মাধ্যমৰ সৈতে বার্তালাপ কৰি ডাঃ নোমল চন্দ্ৰ বৰাই জনায় যেঃ “ক্লিনিকেল নিউৰ ‘ফিজিঅ’লজি” মোৰ বাবে সদায় বিশেষ গুৰুত্বপূর্ণ বিষয়। চাৰি দশক আগতে আমি প্রথম ইইজি মেচিন স্থাপন কৰাৰ বাবে উত্তৰ-পূর্ব ভাৰতৰ মানুহে আধুনিক স্নায়ু পৰীক্ষাৰ সুবিধা সহজতে লাভ কৰিবলৈ সক্ষম হৈছে। বসন্তকালীন চিএমই- ২০২৬ য়ে ইয়াক আৰু বেছি সহজলভ্য কৰি তুলিব বুলি আমাৰ বিশ্বাস। দেশৰ আগশাৰীৰ একাডেমিক বিশেষজ্ঞসকলক গুৱাহাটীত একগোট কৰিব পৰাটোৱে জিএনআৰচি হাস্পতালৰ মূল লক্ষ্য।”

ডাঃ মৌচুমী বৰঠাকুৰে জনায় যেঃ “এই চিএমই খনৰ মূল লক্ষ্য হৈছে এই অঞ্চলৰ চিকিৎসকসকলে মহানগৰৰ চিকিৎসকসকলৰ দৰে একে মানৰ একাডেমিক আপডেট কৰি ৰাখিব পৰা। ইইজি, এনচিভি, ইএমজি-ৰ দৰে পৰীক্ষাসমূহ বহু সময়ত অব্যবহৃত থাকে জ্ঞানৰ অভাৱৰ বাবে, সুবিধাৰ অভাৱৰ বাবে নহয়। আমি সেই ব্যবধান পুৰণ কৰিব বিচাৰিছোঁ।”
