বিশ্বদৰবাৰত ভাৰতীয়ৰ দপদপনি, IMFৰ প্ৰথম উপ পৰিচালন সঞ্চালক পদত ভাৰতীয় মূলৰ গীতা গোপীনাথ

আন্তৰ্জাতিক মুদ্ৰা নিধিৰ দ্বিতীয় সৰ্বোচ্চ পদবীত অধিষ্ঠিত হ’ব ভাৰতৰ অৰ্থনীতিবিদ গীতা গোপীনাথ। অহা মাহত IMFৰ প্ৰথম উপ পৰিচালন সঞ্চালক পদত অধিষ্ঠিত হ’ব গোপীনাথ। সম্প্ৰতি IMFৰ মুখ্য অৰ্থনীতিবিদৰূপে কাৰ্যনিৰ্বাহ কৰি আছে গীতা গোপীনাথে। IMFৰ গীতা গোপীনাথ প্ৰথম উপ পৰিচালক সঞ্চালকৰূপে জিঅ’ফ্ৰে অকামোটোৰ স্থলাভিষিক্ত হ’ব। বিগত সময়ছোৱাত IMFৰ বিভিন্ন আৰ্থিক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা পালন কৰি অহা গীতা গোপীনাথক ২০১৮ত IMFৰৰ মুখ্য অৰ্থনীতিবিদৰূপে নিযুক্তি দিয়া হৈছিল।

ভাৰতীয় বংশোদ্ভুত গীতা গোপীনাথ বৰ্তমান মাৰ্কিন নাগৰিক আৰু অহা জানুৱাৰীত তেওঁ IMF ত্যাগ কৰি হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত যোগদান কৰাৰ কথা আছিল। IMFৰৰ দ্বিতীয় শীৰ্ষ পদবীলৈ পদোন্নতি লাভ কৰাৰ পিছত গোপীনাথে এই সিদ্ধান্ত বাতিল কৰি পুনৰ IMFত কাৰ্যনিৰ্বাহক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...