২৯সংখ্যক সেনাধ্যক্ষ হিচাপে কাৰ্যভাৰ জেনেৰেল মনোজ পাণ্ডেৰ

জেনেৰেল মনোজ পাণ্ডেই দেওবাৰে ২৯সংখ্যক সেনাধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে৷ জেনেৰেল এম এম নাৰাৱানেই দেওবাৰে অৱসৰ গ্ৰহণ কৰে আৰু জেনেৰেল পাণ্ডেই তেওঁৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰে৷ ইয়াৰ আগলৈকে উপ-সেনা প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰা জেনেৰেল পাণ্ডে সেনা প্ৰধান হোৱা ক’ৰ অব্‌ ইঞ্জিনিয়াৰ্ছৰ প্ৰথমজন বিষয়া জেনেৰেল মনোজ পাণ্ডে৷ সেনাৰ উপ-প্ৰধান হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগতে জেনেৰেল পাণ্ডে ইষ্টাৰ্ন আৰ্মি কমাণ্ডৰ নেতৃত্বত আছিল৷ ছিকিম আৰু অৰুণাচল প্ৰদেশত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত পহৰা দিয়াৰ দায়িত্ব ইষ্টাৰ্ন আৰ্মি কমাণ্ডৰ ওপৰত ন্যস্ত৷ নেশ্যনেল ডিফেন্স অকাডেমিৰ পৰা উত্তীৰ্ণ হোৱাৰ পাছত ১৯৮২ চনৰ ডিচেম্বৰত জেনেৰেল পাণ্ডেক ক’ৰ অব্‌ ইঞ্জিনিয়াৰ্ছত অন্তৰ্ভুক্ত কৰা হৈছিল৷ তেওঁ আন্দামান এণ্ড নিকোবৰ কমাণ্ডৰো চি-ইন-চি আছিল৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...