‘প্ৰতিবাদ কৰা মানেই জেন জি দেশবিৰোধী নহয়, তেওঁলোক আমাৰেই সন্তান’: ছাত্ৰ প্ৰতিবাদ আৰু ছ’চিয়েল মিডিয়া সম্পৰ্কে RSS প্ৰধান মোহন ভাগৱত

শেহতীয়াকৈ শিক্ষাৰ্থীসকলে কৰা আন্দোলন আৰু প্ৰতিবাদকাৰীসকলক ‘দেশবিৰোধী’ বুলি দিয়া আখ্যা সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) প্ৰধান মোহন ভাগৱতে এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে।

‘জেন জি’ আৰু ছাত্ৰ প্ৰতিবাদ সম্পৰ্কে:

প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলৰ সন্দৰ্ভত আৰএছএছ প্ৰধান মোহন ভাগৱতে কয়, “জেন জিয়ে (Gen Z) প্ৰতিবাদ কৰা মানেই তেওঁলোক দেশবিৰোধী নহয়। তেওঁলোক আমাৰ নিজৰ সন্তান, আমাৰ উত্তৰ প্ৰজন্ম… মই বিশ্বাস নকৰোঁ যে জেন জি তেনেকুৱা। মই ভাবোঁ নতুন প্ৰজন্ম— অৰ্থাৎ জেন জি আৰু জেন আলফা আমাৰ বৰ্তমানৰ প্ৰজন্মতকৈ অধিক সৎ। আৰু দেশপ্ৰেম তথা সেৱাৰ সৎ আহ্বানে তেওঁলোকৰ ওপৰত প্ৰভাৱ পেলায়।”

ছ’চিয়েল মিডিয়াৰ প্ৰভাৱ আৰু ভাৰতে ইয়াক কেনেকৈ মোকাবিলা কৰা উচিত, সেই সন্দৰ্ভত মোহন ভাগৱতে কয়:

  • “নিয়ম-কানুন বনোৱাটো ঠিক আছে, কিন্তু মানুহৰ দৃষ্টিভংগী আৰু মনোভাৱ পৰিৱৰ্তন হ’লেহে ই সফল হয়। নহ’লে ইতিমধ্যে বহুতো আইন আছেই। সমাজে গ্ৰহণ কৰিলেহে আইন ফলপ্ৰসূ হয়।”
  • “ছ’চিয়েল মিডিয়াত নিজৰ স্থিতি কি, সেই বিষয়ে প্ৰত্যেকেই চিন্তা কৰা উচিত, কাৰণ মানুহে তেওঁলোকক অনুসৰণ কৰে। সেয়েহে নিজৰ অনুগামীসকল যাতে ভুল পথে পৰিচালিত নহয়, সেয়া চোৱাটো ব্যক্তিজনৰ দায়িত্ব।”
  • “আজিকালি এনে প্ৰযুক্তি ওলাইছে যাৰ দ্বাৰা ভুৱা ভিডিঅ’ (Fake Videos) তৈয়াৰ কৰিব পৰা যায় আৰু আপোনাৰ বা মোৰ নামত মিছা বক্তব্য আৰোপ কৰিব পৰা যায়। সেয়েহে, ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰোঁতে কোনো বিশ্বাসযোগ্য উৎসৰ পৰা সত্যতা নিৰূপণ নকৰাকৈ কোনো বিষয়বস্তুকে বিশ্বাস কৰা উচিত নহয়। ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ক্ষেত্ৰত আমাৰ এক স্ব-আৰোপিত অনুশাসন থাকিব লাগিব।”
  • “যদি আপুনি কোনো বস্তুত নিষেধাজ্ঞা (Ban) আৰোপ কৰে, তেন্তে সেয়া অবৈধ বজাৰলৈ (Fraud Market) গুচি যায়। এনে হ’বলৈ দিব নালাগে।”
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...