পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া, মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া পদৰ পৰা গৌতম দাসৰ স্বেচ্ছাই অব্যাহতি

অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে বৃহস্পতিবাৰে চৰকাৰী দায়িত্বৰ পৰা স্বইচ্ছাই অব্যাহতি লয়।

উল্লেখ্য যে, চৰকাৰী সময়সীমা অনুসৰি চলিত মাৰ্চ মাহৰ ৩১তাৰিখ তেওঁৰ কাৰ্যকালৰ অন্তিম দিন আছিল।

কিন্তু ব্যক্তিগত এৰাব নোৱৰা অসুবিধাবশতঃ পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে বৃহস্পতিবাৰে চৰকাৰী কৰ্মৰাজিৰ পৰা অব্যাহতি লয় আৰু কাৰ্যালয়টোৰ প্ৰৱৰ্তক শাখাৰ জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসক দায়িত্বভাৰ অৰ্পণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৩ খন সফল আই পি এল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এ চি এৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ তিনিখন খেলৰ সফল...

গুৱাহাটীত অষ্টম পুৰুষ-মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ

দেশৰ ৩৩ খন ৰাজ্যৰ প্ৰায় আঠশ খেলুৱৈ, প্ৰশিক্ষক, কাৰিকৰী...

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...