এইবাৰ যোৰহাটত তীব্ৰ প্ৰত্যাহ্বান নেওচি তৃতীয়বাৰলৈ সাংসদ নিৰ্বাচিত হ’ল গৌৰৱ গগৈ। বিগত দুটা কাৰ্যকালত সংসদত বিৰোধীৰ বলিষ্ঠ কণ্ঠৰূপে পৰিগণতি হোৱা গৌৰৱে পালন কৰিছিল বিৰোধীৰ উপদলপতীৰ দায়িত্বও। কিন্তু এইবাৰ দিল্লীৰ ৰাজনীতিক লৈ যেন আগ্ৰহী নহয় গৌৰৱ। পিতৃৰ পদাংক অনুসৰণ কৰি এইবাৰ অসমৰ ৰাজনীতিলৈ মন মেলিছে গৌৰৱে। ২৬ত অসম ফাইনেল খেলত এঘৰি যুঁজিবলৈ এতিয়াই যেন কঁকালত তঙালী বান্ধিছে তৰুণ তনয়ে।
পিতৃৰ পথেৰেই বাট বুলিব বিচাৰে গৌৰৱ গগৈয়ে
অসমৰ ৰাজনীতিত খোজ দিব গৌৰৱে!
গৌৰৱে বান্ধিছে ’২৬ত ফাইনেল খেলাৰ মন
দেশৰ আন ৰাজ্যতকৈ অসম কংগ্ৰেছক শক্তিশালী কৰাৰ পণ গৌৰৱৰ
তৰুণ তনয়ৰ অংগীকাৰ লোকসভা নিৰ্বাচন আছিল ছেমি ফাইনেলহে
অসম কংগ্ৰেছক শক্তিশালী কৰাৰ দায়িত্ব দিবলৈ হাইকমাণ্ডক জনাব অনুৰোধ
অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব ল’বলৈ আগ্ৰহী নেকি গৌৰৱ?
গৌৰৱে ৰাজ্যৰ ৰাজনীতিলৈ মন মেলাটোৱে বহন কৰিছে তাৎপৰ্য
পিতৃৰ পথৰেই বাট বুলিব বিচাৰে গৌৰৱ গগৈয়ে
অসমৰ ৰাজনীতিত খোজ দিব গৌৰৱে!
গৌৰৱে বান্ধিছে ’২৬ত ফাইনেল খেলাৰ মন
দেশৰ আন ৰাজ্যতকৈ অসম কংগ্ৰেছক শক্তিশালী কৰাৰ মন গৌৰৱৰ
এসময়ত দিল্লীৰ ৰাজনীতিত দপদপাই থকা তৰুণ গগৈয়ে অসমলৈ আহি একক প্ৰচেষ্টাৰে উদ্ধাৰ কৰিছিল অসমত কংগ্ৰেছৰ হৃত গৌৰৱ। সময়ৰ পাক চক্ৰত যেন তৰুণ গগৈৰ অৱৰ্তমানত পুত্ৰ গৌৰৱৰ সন্মুখত আহি পৰিছে অনুৰূপ পৰিস্থিতি। অনুৰূপ সুযোগ। যোৰহাটত বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিও ৰুদ্ধ কৰিব নোৱাৰিলে গৌৰৱৰ জয়। সমষ্টি পুনৰ নিৰ্ধাৰণত গৌৰৱৰ পূৰ্বৰ কলিয়াবৰ সমষ্টিৰ বিলুপ্তিৰ পিছটো যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তৃতীয়বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হ’ল গৌৰৱ গগৈ। গৌৰৱৰ জয়ে যেন উজনি অসমত পুনৰ প্ৰাসংগিক কৰি তুলিলে কংগ্ৰেছক। আৰু তাৰ পিছতেই তৰুণ তনয়ৰ অংগিকাৰ এই লোকসভা নিৰ্বাচন আছিল ছেমিফাইনেলহে। ’২৬হে হেনো ফাইনেল খেলিব গৌৰৱে। লোকসভা নিৰ্বাচনত জয়লাভৰ পিছতে প্ৰথমেই মাজুলীত উপস্থিত হৈ দলীয় কৰ্মীৰ সন্মুখত এই ঘোষণা গৌৰৱৰ।
মাজুলীত এই মন্তব্যৰে অসমৰ ৰাজনীতিত খোজ পেলোৱাৰে ইংগিত দি বৃহস্পতিবাৰে বোকাখাতত গৌৱৰে ঘোষণা কৰিলে নিজৰ দৃঢ় স্থিতি। দেশৰ আন আন ৰাজ্যত সাংগঠনিক দায়িত্বত নিয়োজিত হৈ থকা গৌৰৱে এইবাৰ মনোনিবেশ কৰিব অসমত কংগ্ৰেছক শক্তিশালী কৰাত। ২৬লৈ অসম প্ৰদেশ কংগ্ৰেছৰ থৰক বৰক হোৱা সাংগঠনিক ভেটি শক্তিশালী কৰাৰ দায়িত্ব দিবলৈ হাইকমাণ্ডক অনুৰোধ জনাব বুলিও মন্তব্য গৌৰৱৰ।
এইখিনিতে উল্লেখ কৰিব পাৰি যে, বিগত কাৰ্যকালত সংসদত বিৰোধীৰ উপদলপতিৰ দায়িত্বত আছিল গৌৰৱ। বিৰোধী দলপতিৰ দায়িত্বত আছিল অধীৰৰঞ্জন চৌধুৰী। কিন্তু এইবাৰ অধীৰৰঞ্জন চৌধুৰী পৰাস্ত হোৱাত গৌৰৱ গগৈয়ে এইবাৰ বিৰোধী দলপতি হ’ব বুলি চলিছে সৰৱ চৰ্চা। কিন্তু তাৰ মাজতে যেন ৰাজ্যৰ ৰাজনীতিলৈ হে মন মেলিছে গৌৰৱে। সদ্যসমাপ্ত নিৰ্বাচনৰ পূৰ্বে অসমত অধিক সময় দিব নোৱাৰক লৈও আক্ষেপ প্ৰকাশ কৰিলে কংগ্ৰেছৰ সাংসদজনে।
ইফালে, ইতিমধ্যে যেন ফাইনেলৰ প্ৰস্তুতি আৰম্ভ কৰি দিছে গৌৰৱে, সেই উদ্দেশ্যৰেই বৃহস্পতিবাৰে নিজৰ ৰাজনৈতিক জীৱনৰ পাতনি মেলা পুনৰি কলিয়াবৰ সমষ্টিৰ দলীয় কৰ্মকৰ্তাক বিভিন্ন স্থানত সাক্ষাত কৰি গৌৰৱে দিলে ২৬লৈ সাজু হোৱাৰ মন্ত্ৰণা।
স্বাভাৱিকতেই গৌৰৱৰ এই ঘোষণাৰ পিছতে প্ৰশ্ন উত্থাপিত হৈছে ২৬লৈ অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব লোৱাৰ প্ৰতি আগ্ৰহী নেকি গৌৰৱ গগৈ। এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ কৌশলী উত্তৰ গৌৰৱৰ।
এটা কথা ঠিক যে, বিগত প্ৰায় প্ৰতিটো নিৰ্বাচনতে সুখ থেকেচা খোৱা অসম প্ৰদেশ কংগ্ৰেছ নেতৃত্বৰ অভাৱত ভোগা বুলি দলৰ বাহিৰে ভিতৰে চলিছে চৰ্চা। এইবাৰ যোৰহাটত তীব্ৰ প্ৰত্যাহ্বান ওফৰাই নিজৰ বলত জয় হৈ গৌৰৱে ইতিমধ্যে দিছে নিজৰ নেতৃত্বৰ পাৰদৰ্শিতাৰ পৰিচয়। সমান্তৰালকৈ গান্ধী পৰিয়ালৰ অন্যতম বিস্বস্ত গৌৰৱে ৰাজ্যৰ ৰাজনীতিলৈ আহিব বিচৰাটোৱে বহন কৰিছে বিশেষ তাৎপৰ্য।
Can you be more specific about the content of your article? After reading it, I still have some doubts. Hope you can help me. https://www.binance.com/si-LK/register?ref=V2H9AFPY
Thanks for sharing. I read many of your blog posts, cool, your blog is very good.
I don’t think the title of your article matches the content lol. Just kidding, mainly because I had some doubts after reading the article.