পৰকীয়া প্ৰেমৰ বাবে গুৱাহাটীত পুনৰ এটা লোমহৰ্ষক ঘটনা

পৰকীয়া প্ৰেমৰ বাবে গুৱাহাটীত পুনৰ এটা লোমহৰ্ষক ঘটনা। মাতৃক ফোনত স্বামীৰ পৰকীয়া প্ৰেমৰ বিৰুদ্ধে অভিযোগ দি থাকোঁতেই পত্নীক ডিঙি চেপি হত্যা কৰিলে এজন ব্যৱসায়ীয়ে। কালাপাহাৰৰ এটা এপাৰ্টমেন্টটোত লগে লগে উপস্থিত হলগৈ আৰক্ষী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে হত্যাকাৰী স্বামী সঞ্জয় কানুক। জেৰাত স্বামীয়ে স্বীকাৰ কৰিছে পত্নীক হত্যা কৰাৰ কথা। লগতে উত্থাপন কৰিছে পত্নীৰো পৰকীয়া প্ৰেমৰ অভিযোগ। এই ঘটনাক লৈ গুৱাহাটীত তীব্ৰ চাঞ্চল্য।

ফোনতেই আছিল শাহু, পত্নীক ডিঙি চেপি হত্যা কৰিলে ব্যৱসায়ীয়ে
স্বামীয়ে হত্যা কৰা সৰিতাৰ শেষ চিঞৰ সেয়া…

পুনৰ শিহৰণকাৰী ঘটনা ঘটিল গুৱাহাটীত। কালাপাহাৰৰ পাহাৰতলীৰ ওৱেছিছ এপার্টমেন্টত সংঘটিত হল এটা লোমহৰ্ষক ঘটনা। এই এপাৰ্টমেন্টটোতেই গাড়ীৰ পাৰ্টছৰ ব্যৱসায়ী সঞ্জয় কানুৰ আছিল দুটাকৈ ফ্লেট। প্ৰথম মহলাৰ A1 ফ্লেটটো আছিল পত্নী সৰিতা কানুৰ নামত আৰু A4 ফ্লেটটো আছিল সঞ্জয়ৰ নিজৰ নামত। এপাৰ্টমেন্টটোৰ ছচায়টিৰ সভাপতিৰ দায়িত্বতো আছিল সঞ্জয়। কিছুবছৰ পূৰ্বলৈ সঞ্জয়ৰ প্ৰতিবেশী হিচাপে বাস কৰা এগৰাকী মহিলাৰ সৈতে তেওঁৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। তাকে লৈ প্ৰায়ে সৰিতা আৰু স্বামীৰ মাজত হৈছিল সংঘাত। অবৈধ সম্পৰ্ক থকা মহিলাগৰাকীৰ স্বামীয়ে বিভিন্ন সময়ত সঞ্জয় কানুক ব্লেকমেইলো কৰিছিল। এনে কথাবোৰক লৈ প্ৰায়ে কাজিয়াত লিপ্ত হৈছিল সৰিতা।
মঙলবাৰে মাতৃক এই বিষয়ে জনাইছিল সৰিতাই
সেই সময়তে সৰিতাক ডিঙিত চেপা মাৰি ধৰিছিল স্বামীয়ে
মৃত্যু হৈছিল সৰিতাৰ…

ভয়ানক কিবা এটা ঘটাৰ উমান পাই বাৰেবাৰে সৰিতালৈ ফোন কৰিছিল মাতৃয়ে। ঘাতক স্বামীয়ে শাহুৱেকৰ ফোন ৰিচিভ কৰি কৈছিল – মই সৰিতাক মাৰি পেলালোঁ
কেৱল সিমানেই নহয় পত্নী সৰিতাক হত্যা কৰাৰ পাছত নিজেই ফোন কৰি আৰক্ষীক খবৰ দিছিল সঞ্জয় কানুৱে। তাৰ পাছতেই ফটাশিল আৰক্ষীয়ে এপাৰ্টমেন্টটোৰ পৰা গ্ৰেপ্তাৰ কৰিলে সঞ্জয় কানুক। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে কালাপাহাৰত। সৰিতাৰ পৰিয়ালৰ অভিযোগ এগৰাকী নহয়। আন কেইবাগৰাকীও মহিলাৰ সৈতে অবৈধ সম্পৰ্কৰ আছিল সঞ্জয়ৰ। চাৰিবছৰ পূৰ্বেই আৰম্ভ হৈছিল সৰিতা-সঞ্জয়ৰ সংঘাত। যোৱা ছয়মাহমানৰ পৰা সংঘাতে চৰম পৰ্যায় পাইছিলগৈ। একাধিকবাৰ অন্য মহিলাৰে সঞ্জয়ক ধৰাও পেলাইছিল পত্নীয়ে।

আৰক্ষীয়ে সঞ্জয়ক জেৰা অব্যাহত ৰাখিছে। জেৰাত পত্নীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে স্বামীয়ে। ছচায়টিত প্ৰভাৱ আছিল সঞ্জয়ৰ। সেইবাবে পূৰ্বৰ ঘটনাৰ বিষয়ে জানিও কোনো পদক্ষেপ লোৱা নাছিল এপাৰ্টমেন্টৰ আৱাসীসকলে। আৰক্ষী-ফৰেণছিকে হত্যাকাণ্ড সংঘটিত ফ্লেটটোৰ পৰা সংগ্ৰহ কৰিছে তথ্য। জেৰা চলিছে সঞ্জয়ৰ। জেৰাত সঞ্জয়ে কৈছে পত্নীৰো পৰকীয়া প্ৰেম থকাৰ কথা। এই ঘটনাক লৈ চাঞ্চল্য গুৱাহাটীত।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

২৩ বছৰ অনুৰ্ধ মহিলা ক্ৰিকেটলৈ অসম ক্ৰিকেট সন্থাৰ দল ঘোষণা

অহা ২৪ নৱেম্বৰৰ পৰা হাৰিয়ানাত হ’বলগীয়া বি চি চি...

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...