কোনোদিনে উভতি নহাৰ বাটেৰে গ’লগৈ গণশিল্পী সূৰ্য দাস

পুৱাতেই এটা অপ্ৰত্যাশিত, নিদাৰুণ খবৰ। ‘মানুহ দেখিছো আজি বহুত মানুহ’ গীতটি আৰু গুণগুণাবলৈ উভতি নাহে মানুহজন। কোনোদিনে উভতি নহাৰ বাটেৰে গ’লগৈ গণশিল্পী সূৰ্য দাস। ‘মানুহ দেখিছো আজি বহুত মানুহ’ শীৰ্ষক গীতৰ শিল্পী সূৰ্য দাস। শুকুৰবাৰে বাথৰূমত ঢলি পৰিছিল শিল্পীজন। তাৰ পিছতেই তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু চিকিৎসকে অশেষ কষ্ট কৰিও তেওঁক সুস্থ কৰি তুলিব নোৱাৰিলে। অৱশেষত জীৱন-মৃত্যুৰে যুঁজি যুঁজি হাৰি গ’ল মানুহজনে। বিগত কেইবাটাও দশক ধৰি নিজৰ শক্তিশালী কণ্ঠৰ লগতে গীতেৰে অসমৰ খাটিখোৱা সাধাৰণ মানুহৰ বাবে গীত গাই আহিছিল তেওঁ। অসমীয়া সংগীত জগতৰ এক প্ৰতিবাদী কণ্ঠৰ নাম আছিল সূৰ্য দাস। উল্লেখ্য যে দেওবাৰে তেজপুৰত এটা সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ আছিল সূৰ্য দাসৰ। কিন্তু মৃত্যুৱে যেন সকলো আশা শেষ কৰি পেলালে। সম্বৰ্ধনা নোলোৱাকৈয়ে গ’লগৈ মানুহজন। তেওঁৰ মৃত্যুৱে শোকাহত কৰিছে সকলোকে। আজি অসমে এটা প্ৰতিবাদী কণ্ঠ হেৰুৱালে। হেৰুৱালে এটা উজ্জ্বল নক্ষত্ৰ।

১৯৪০ চনৰ ৩১ জুলাইৰ শাওণ মাহৰ ১৫ তাৰিখে নগাঁৱৰ কামপুৰৰ তেতেলীসৰা গাঁৱত জন্মগ্রহণ কৰিছিল সূর্য দাসে। তেওঁৰ পিতৃ জীউৰাম দাস আৰু মাতৃ পোনেশ্বৰী দাস। সূর্য দাসৰ পিতৃ জীউৰাম দাস মূলতঃ এজন কৃষক আছিল। তেতেলীসৰা আদর্শ প্রাথমিক বিদ্যালয়ত সূর্য দাসৰ শিক্ষা জীৱনৰ আৰম্ভণি হৈছিল।

সূৰ্য দাসৰ জনপ্ৰিয় শ্ৰব্য কেচেটসমূহ হ’ল ‘আজিৰ মানুহ’, ‘নতুন দিগন্ত’, ‘ৰঙা সূৰ্য’, ‘পেলেষ্টাইন’, ‘মোৰ গান’, ‘নতুন সময়’, ‘আজিৰ সময়’ ইত্যাদি। ‘তেজ অকণমান দিবা নেকি চিয়াহী বুলি’ সূৰ্য দাসৰ একমাত্ৰ কবিতা পুথি। গুণসিন্ধু হাজৰিকা পৰিচালিত ‘অবুজ বেদনা’ চলচ্চিত্ৰত এটি গীত গাইছিল দাসে। সূৰ্য দাসৰ কেইটামান জনপ্ৰিয় গীত– ‘এই কলঙৰ পাৰে এই দলঙৰ ঘাটে’। ‘গুম্ গুম্ গাম্ গাম্’, ‘ছাপ্ৰা বহুদূৰ’, ‘এই ঘৰেই ঘৰ নহয়’।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...