ফ্ৰম তিমিৰ দাস টু জীৱন সিংহঃ দ্য ষ্টোৰী ছ’ ফাৰ…

✒️অচিন্ত্য শৰ্মা

আত্মপ্ৰকাশ আৰু আলোচনাৰ মেজলৈ আগমনৰ জৰিয়তে সম্প্ৰতি পূব ভাৰতৰ অন্যতম চৰ্চিত ব্যক্তি হৈ উঠা দুধৰ্ষ গেৰিলা যোদ্ধা জীৱন সিংহই হয়তো নিজেও কোনোদিন ভবা নাছিল যে সময় আৰু সমাজে এদিন তেওঁক অস্ত্ৰ আৰু উগ্ৰপন্থাৰ ৰাস্তালৈ থেলি দিব। আনকি তিমিৰ দাস নামৰ যুৱকজন যে জীৱন সিংহলৈ ৰূপান্তৰিত হ’ব সেয়াও হয়তো ভাবিব পৰা নাছিল কোনোৱে। কিন্তু তদানীন্তন বংগৰ চলি থকা বাম সন্ত্ৰাসৰ বাবেই তেওঁ বাধ্য হৈছিল এক নতুন অৱতাৰ ল’বলৈ। উত্তৰ বংগৰ আলিপুৰদুৱাৰ অঞ্চলৰ ছেংমাৰী কুমাৰগ্ৰামত জন্ম লাভ কৰা তিমিৰ দাস আছিল ইতিহাসৰ মেধাবী ছাত্ৰ। বুৰঞ্জী বিষয়ত অনাৰ্ছসহ বিএ পাছ কৰাৰ পিছত তেওঁ একেটা বিষয়ৰে স্নাতকোত্তৰ পৰ্যায়ত অধ্যয়ন কৰিছিল উত্তৰ বংগ বিশ্ববিদ্যালয়ত। তেতিয়া তেওঁ আছিল সদৌ কমতাপুৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগাঠনিক সাধৰণ সম্পাদকয তেনে অৱস্থাতে তেওঁ প্ৰহৃত হৈছিল তেতিয়াৰ বংগৰ সৰ্বত্ৰে শক্তিশালী হৈ থকা চিপিত্ৰমৰ গুণ্ডাৰ হাতত, যি ঘটনাই তেওঁৰ মনত ক্ষোভৰ জুই জ্বলাইছিল আৰু বাধ্য কৰিছিল বহু কথা নতুন কৈ চিন্তণ কৰি চাবলৈ। তেওঁ বাধ্য হৈছিল অধিক স্বাভিমানৰ হকে অধিক গভীৰভাবে আচঁনি প্ৰস্তুত কৰিবলৈ। বিগত শতিকাৰ ৯০ দশকৰ প্ৰায় মাজভাগত তিমিৰ দাস আলফা নেতৃত্বৰ সান্নিধ্যলৈ আহে আৰু ১৯৯৫ চনৰ পৰা ২৮ ডিচেম্বৰত তেওঁ গঠন কৰে কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন, চমুকৈ KLO। তাৰ পিছতে তিমিৰ দাস নোহোৱা হৈ যায় আৰু জীৱন সিংহ নামলৈ তেওঁ আত্মগোপন কৰে ভূটানৰ মাটিত। ভূটানৰ মাটিৰ পৰাই জীৱন সিংহ আৰু তেওঁৰ KLOই উত্তৰ বংগত নিজৰ কাৰ্যকলাপ চলাই আছিল কেইবাবছৰো ধৰি। পিছে অপাৰেশ্যন অলক্লিয়াৰ আলফাৰ লগতে KLOকো ভূটানৰ মাটিৰ পৰা বিতাড়িত কৰে আৰু তিমিৰ দাস ওৰফে জীৱন সিংহ বাধ্য হয় বাংলাদেশত আশ্ৰয় ল’বলৈ।

২০০৯ চনৰ ভিতৰত জীৱন সিংহই নিজৰ ঘাটি বাংলাদেশৰ পৰা নেপাললৈ স্থানান্তৰ কৰে আৰু ২০১২-১৩ চনৰ ভিতৰত স্থানান্তৰ কৰে নেপালৰ পৰা ম্যানমাৰলৈ। সেই ম্যানমাৰৰ পৰাই এতিয়া জীৱন সিংহ ওলাই আহিছে নতুন আশা আৰু প্ৰতিশ্ৰুতিলৈ। জাতিয়ে আশাৰে চাইছে তেওঁৰ মুখলৈ। লক্ষ্যণীয়ভাবে যোৱা দশকৰ মাজভাগত জীৱন সিংহৰ পত্নী ভাৰতী দাসৰ এক ৰহস্যজনক অৱস্থাত মৃত্যু ঘটা ভাৰতী দাসক হত্যা কৰা হোৱা বুলিও বহুতে ক’ব খোজে। আনহাতে জীৱন সিংহৰ দুই নাবালিকা কন্যা এতিয়া গাঁৱৰ ঘৰত। হয়তো তেওঁৰ ৰাষ্ট্ৰীয় জীৱনলৈ প্ৰত্যাবৰ্তনে এতিয়া পাৰিবাৰিক জীৱনলৈকো আনিব শৃংখলা আৰু সমৃদ্ধি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...