কমাণ্ডো, স্নাইপাৰ, ড্ৰোনৰ পৰা আৰম্ভ কৰি কৃত্ৰিম বুদ্ধিমত্তালৈকে! পুটিনৰ ৫ স্তৰীয় নিৰাপত্তাত আৰু কি কি ৰাখিছে ভাৰতে?

বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহি আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। তাৰ আগতে ভাৰতে পুটিনৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱধান এৰিব নিবিচাৰে। বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত ৰাছিয়াৰ নিৰাপত্তাৰক্ষীৰ লগতে ভাৰতৰ এন এছ জিৰ শীৰ্ষ কমাণ্ডোসকলেও ৰাছিয়াৰ ৰাষ্ট্ৰপতিক পহৰা দিব। স্নাইপাৰ, ড্ৰোন, জেমাৰ আৰু কৃত্ৰিম চোৰাংচোৱাৰ চোৱাচিতাও নিয়োগ কৰা হৈছে।

ভাৰত-ৰাছিয়াৰ বাৰ্ষিক সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ভাৰতলৈ আহিব পুটিন। বৃহস্পতিবাৰে সন্ধিয়া তেওঁ দিল্লীত অৱতৰণ কৰিব। ইয়াৰ বাবে আগতীয়াকৈ প্ৰস্তুতি আৰম্ভ কৰা হৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ পূৰ্বে পাঁচটা স্তৰৰ নিৰাপত্তাৰক্ষী প্ৰস্তুত কৰা হৈছে। বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ইতিমধ্যে ৰাছিয়াৰ পৰা প্ৰায় পঞ্চাশজন শীৰ্ষ নিৰাপত্তাৰক্ষীয়ে দিল্লীত উপস্থিত হৈছে। ইতিমধ্যে, দিল্লী আৰক্ষী আৰু NSGৰ বিষয়াৰ সৈতে পুটিনৰ কনভয়ে যাবলগীয়া পথসমূহত টহল দিছে।

ইয়াৰ উপৰিও পুটিনৰ নিৰাপত্তাৰ বাবে বিশেষ ড্ৰ’নৰ ব্যৱস্থা কৰা হৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ কনভয়ৰ ওপৰত অহৰহ নজৰ ৰাখিবলৈ এটা কন্ট্ৰল ৰুম স্থাপন কৰা হৈছে। সমগ্ৰ পথটোত কেইবাজনো স্নাইপাৰ নিয়োগ কৰা হৈছে। ইয়াৰ উপৰিও আছে জেমাৰ, কৃত্ৰিম বুদ্ধিমত্তা বা এআই মনিটৰিং আৰু ফেচিয়েল ৰিকগনিচন কেমেৰা।

সূত্ৰ অনুসৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে বৃহস্পতিবাৰে নিশা মোদীৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। শুকুৰবাৰে তেওঁক ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ’ব। শুকুৰবাৰে বিয়লি ৰাজঘাটত মহাত্মা গান্ধীৰ স্মৃতিসৌধ পৰিদৰ্শন কৰাৰ কথা আছে পুটিনে। ইয়াৰ পিছত হায়দৰাবাদ হাউছত অনুষ্ঠিত হ’বলগীয়া সন্মিলনত অংশগ্ৰহণ কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...