এলাহাবাদ হাইকোৰ্টৰ মন্তব্য: সংবিধানে বাক্‌স্বাধীনতা দিলেও সেনাবাহিনীৰ বদনাম কৰাৰ অধিকাৰ নাই

ভাৰতীয় সংবিধানে বাক্‌স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতাক স্বীকৃতি দিলেও তাৰ যুক্তি দেখুৱাই কোনো ব্যক্তিয়ে সেনাবাহিনীৰ বদনাম কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে এলাহাবাদ হাইকোৰ্টে। এটা গোচৰৰ শুনানিৰ সময়ত কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলনেতা ৰাহুল গান্ধীৰ এটা মন্তব্যৰ বাবে তেওঁক ভৰ্ত্সনা কৰা হৈছে, য’ত তেওঁ ভাৰতীয় সেনাবাহিনীৰ অপমান কৰিছে বুলি অভিযোগ উঠিছিল। এই গোচৰৰ পৰিপ্ৰেক্ষিতত লক্ষ্ণৌৰ এখন নিম্ন আদালতে ৰাহুলক চমন জাৰি কৰিছিল। তেওঁ এই চমনৰ বিৰুদ্ধে এলাহাবাদ হাইকোৰ্টত আবেদন কৰিছিল, কিন্তু বুধবাৰে আদালতে তেওঁৰ আবেদন খাৰিজ কৰি দিয়ে।

হাইকোৰ্টে কয়, “ভাৰতীয় সংবিধানৰ ১৯(১)(এ) অনুচ্ছেদে বাক্‌ আৰু মত প্ৰকাশৰ স্বাধীনতাৰ নিশ্চয়তা প্ৰদান কৰে, তাত কোনো সন্দেহ নাই। কিন্তু এই স্বাধীনতাৰ সৈতে যুক্তিসংগত বিধিনিষেধ আছে। ভাৰতীয় সেনাবাহিনীৰ প্ৰতি অসম্মানজনক মন্তব্যৰ স্বাধীনতা সংবিধানে প্ৰদান কৰা নাই।”

ৰাহুলৰ মন্তব্য কি আছিল?
২০২২ চনত ‘ভাৰত জোড়ো যাত্ৰা’ৰ সময়ত ৰাজস্থানত এখন সংবাদমেলত ৰাহুল গান্ধীয়ে অৰুণাচল প্ৰদেশত ভাৰত-চীন সেনাৰ সংঘৰ্ষৰ প্ৰসঙ্গ উত্থাপন কৰি কৈছিল, “ভাৰত জোড়ো যাত্ৰা, অশোক গেহলট, শচীন পাইলটৰ বিষয়ে বহু কথা হৈছে। বহু প্ৰশ্ন উত্থাপিত হৈছে। কিন্তু চীনে অৰুণাচল প্ৰদেশত ভাৰতীয় ভূখণ্ডৰ ২হাজাৰ বৰ্গকিলোমিটাৰ অধিকাৰ কৰিছে, ভাৰতৰ ২০জন জোৱানক হত্যা কৰিছে, এই বিষয়ে কোনো প্ৰশ্ন উত্থাপন হোৱা নাই। ভাৰতীয় সংবাদ মাধ্যমেও এই বিষয়ে প্ৰশ্ন নকৰে। এইটো সত্য নহয়নে? দেশৰ মানুহে এইবোৰ দেখিছে। মানুহে একো নাজানে বুলি ভাবিব নালাগে।”

এই মন্তব্যৰ পিছত তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়। বিজেপিয়ে অভিযোগ কৰে যে ৰাহুলে ভাৰতীয় সেনাবাহিনীৰ অপমান কৰিছে আৰু তেওঁলোকৰ সামৰ্থ্যৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিছে। ইয়াৰ পিছত উত্তৰ প্ৰদেশত ৰাহুলৰ বিৰুদ্ধে গোচৰ তৰা হয়। নিম্ন আদালতে এই গোচৰত তেওঁক চমন জাৰি কৰিছিল। ৰাহুলে হাইকোৰ্টত এই চমন বাতিলৰ আবেদন জনোৱাৰ পিছতো আদালতে তেওঁৰ আবেদন খাৰিজ কৰি এই মন্তব্য কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...