বজালী জিলাত ৩০.৮০ কোটি টকা ব্যয়েৰে ৭টা জলসিঞ্চন প্ৰকল্পৰ আধাৰশিলা স্থাপন

জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত বজালী জিলাৰ খাৰাধৰা গাঁৱত পাটাছাৰকুছি বৈদ্যুতিক উত্তোলক জলসিঞ্চন আঁচনিৰ খাৰাধৰা পইন্ট নং-১ প্রকল্পৰ লগতে অন্যান্য ৬ টা প্ৰকল্পৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে। অন্যান্য প্ৰকল্পকেইটা হৈছে খাৰাধৰা পইন্ট নং-২, ভালুকী পইণ্ট নং-১, ভালুকী পইণ্ট নং-২, উপৰনৈ, নিজ-খনা আৰু সৰাবাৰীপাম।

প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা-প্ৰতিখন পথাৰতে পানী (PMKSY- Har Khet Ko Pani) অভিলাষী যোজনাৰ অধীনত ভূতল ক্ষুদ্ৰ জলসিঞ্চন (SMI) আঁচনি, ২০২২-২৩ বৰ্ষৰ অধীনত নির্মাণ হ’বলগীয়া আৰু অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ টিহু সংমণ্ডলৰ দ্বাৰা ৰূপায়িত হ’বলগীয়া এই আঁচনিৰ সৰ্বমুঠ ব্যয় হ’ব ৩০.৮০ কোটি টকা। ইয়াৰ ৰূপায়ণৰ জৰিয়তে টিহু আৰু কালদিয়া নদীৰ পানীৰে ১৩৭০ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ সম্ভাৱনীয়তা সৃষ্টি কৰা হব আৰু ৭৭০ হেক্টৰ ভূমিৰ কৃষক প্ৰাৰম্ভিকভাৱে উপকৃত হ’ব। আঁচনিখনৰ সফল ৰূপায়নৰ ফলত অঞ্চলটোৰ ১১ খন গাঁৱৰ ৪৪৯ গৰাকী কৃষকে নিজৰ কৃষিভূমিত অবিৰত জলসিঞ্চন লাভ কৰিব।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা হৈছে প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ এক সোণালী সপোন, যি সপোনৰ মাজেৰে দেশখনৰ প্রতিজন খেতিয়কে সোণালী শস্যৰ মেটমৰা ভঁৰাল গঢ়ি তুলিবলৈ সক্ষম হৈ উঠিব। এই সপোনৰ পম খেদি মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মাৰ্গদৰ্শনত আজি ৰাজ্যৰ প্ৰতিখন পথা্ৰতে পানী যোগান ধৰাৰ বাবে জলসিঞ্চন বিভাগে তপৰতাৰে কাম কৰি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে মাথোঁ জলসিঞ্চন প্ৰকল্প গঢ় হৈ উঠিলেই নহব, খেতিয়কে বছৰত দুই বা ততোধিক খেতি কৰিবৰ বাবেও প্ৰস্তুত হৈ থাকিব লাগিব। এই সাতখন আঁচনিয়ে এই বৃহত্তৰ অঞ্চলৰ কৃষকৰ আয় উল্লেখনীয়ভাৱে বৃদ্ধি কৰিবলৈ সফল হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

বছৰটোৰ সকলো সময়তে যাতে অসমত খেতিপথাৰসমূহ শস্যৰে সেউজীয়া হৈ থাকে সেয়া সুনিশ্চিত কৰিলেহে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এখন স্বাভিমানী, আত্মনিৰ্ভৰ অসমৰ সপোন সাকাৰ হৈ উঠিব বুলি তেওঁ মন্তব্য কৰে। আঁচনি সম্পূৰ্ণ হৈ উঠাৰ পাছত তাৰ পৰিচালনাৰ দায়িত্ব স্থানীয় কৃষকসকলক সু-সংঘবদ্ধভাবে গঠন কৰা জল ব্যৱহাৰকাৰী সংস্থা আৰু পথাৰ পৰিচালনা সমিতিসমূহৰ ওপৰত ন্যস্ত কৰা হব বুলি তেওঁ জানিবলৈা দিয়ে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত আৰু মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ বিকশিত অসম গঢ়ি তোলাত সমানে অংশীদাৰ হ’বলৈ তেওঁ কৃষক ৰাইজৰ প্ৰতি আহ্বান জনায়।

আজিৰ অনুষ্ঠানত জলসিঞ্চন বিভাগৰ সচিব পৱিত্ৰ ৰাম খাউণ্ড, মুখ্য অভিযন্তাদ্বয় গোপাল চানা ৰাজকুমাৰ আৰু যোগেন বৈশ্য, বিভাগটোৰ কেইবাগৰাকীও অতিৰিক্ত মুখ্য অভিযন্তা আৰু বজালী জিলাৰ আয়ুক্ত মৃদুল কুমাৰ দাসৰ লগতে স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...