প্ৰাক্তন ক্ৰিকেটাৰ সঞ্জয় বাঙ্গাৰৰ Transgender সন্তানক দেখা যাব ‘বিগ বছ’ত

এইবাৰ ‘বিগ বছ’ত দেখা যাব অনয়া বাঙ্গাৰক। ৰূপান্তৰিত ক্ৰীড়াবিদ হিচাপে ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ সঞ্জয় বাঙ্গাৰৰ কন্যা অনয়াই যোগ দিব এই জনপ্ৰিয় ৰিয়েলিটি শ্ব’ত। লিংগ পৰিৱৰ্তনৰ পিছৰে পৰা তেওঁ নানা কটাক্ষ আৰু কু-প্ৰস্তাৱৰ সন্মুখীন হ’বলগীয়া হৈছে। ক্ৰিকেটৰ ২২ গজৰ পৰা আঁতৰি এইবাৰ তেওঁ নামিছে ‘বিগ বছ’ৰ যুঁজত।

১০ মাহৰ প্ৰক্ৰিয়াৰ অন্তত আৰিয়ানৰ পৰা অনয়া হৈছে। জীৱনৰ নানা ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি ২৪ বছৰীয়া অনয়াই নিজৰ নতুন পৰিচয় গঢ়ি তুলিছে। লিংগ পৰিৱৰ্তনৰ সময়ৰে পৰা তেওঁক বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন সহকাৰী প্ৰশিক্ষকৰ সন্তান অনয়াই অভিযোগ কৰিছে যে, এসময়ত তেওঁক বিভিন্ন ক্ৰিকেটাৰে নগ্ন ছবি পঠিয়াইছিল আৰু কিছুমানে কু-প্ৰস্তাৱো দিছিল। লিংগ পৰিৱৰ্তনৰ ফলত তেওঁ ক্ৰিকেটৰ পৰা নিৰ্বাসিত হৈছে।

এক সৰ্বভাৰতীয় সংবাদমাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে যে, আগন্তুক ২৪ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া ‘বিগ বছ’ত অনয়াক দেখা যাব। সামাজিক মাধ্যমৰ পৰিচিত মুখ হিচাপে তেওঁক বাছনি কৰা হৈছে। তেওঁৰ যোগদানে ‘বিগ বছ’ক এটা নতুন মাত্ৰা প্ৰদান কৰিব বুলি নিৰ্মাতাসকলে ভাৱিছে। অনয়া নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হ’ব।

পেছাগত কাৰণত বৰ্তমান অনয়া ইংলেণ্ডত থাকে। পিতৃৰ দৰেই তেওঁ বাঁওহতীয়া বেটাৰ হিচাপে ক্ৰিকেটাৰ হ’ব বিচাৰিছিল। তেওঁ মুম্বাইৰ ইছলাম জিমখানাৰ হৈ খেলিছিল আৰু লিংগ পৰিৱৰ্তনৰ আগতে লেষ্টাৰশ্বায়াৰৰ হিংকলি ক্ৰিকেট ক্লাবৰহৈও খেলিছিল। ভাৰতীয় দলৰ অন্যতম সদস্য ছৰফৰাজ খানৰ ঘনিষ্ঠ বন্ধু অনয়া। লিংগ পৰিৱৰ্তনৰ পিছতো তেওঁলোকৰ বন্ধুত্ব আগৰ দৰেই আছে।

২০২৩ চনৰ নৱেম্বৰত আন্তৰ্জাতিক ক্ৰিকেট সংস্থা (আইচিচি)য়ে জনাইছিল যে ৰূপান্তৰিতসকলক মহিলা ক্ৰিকেটত অংশগ্ৰহণৰ অনুমতি দিয়া নহ’ব। তাৰ ফলত অনয়া ক্ৰিকেটৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...