পুটিনলৈ চিঠি লিখিছিল ট্ৰাম্পৰ পত্নী মেলানিয়াই… কি আছিল সেই চিঠিত?

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনলৈ আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পে ব্যক্তিগতভাৱে এখন চিঠি লিখিছে। তেওঁৰ স্বামী ড’নাল্ড ট্ৰাম্পৰ জৰিয়তে এই চিঠিখন পঠিয়াইছিল। আলাস্কাত ট্ৰাম্প আৰু পুটিনৰ মাজত এখন বৈঠক অনুষ্ঠিত হৈ গৈছে। হোৱাইট হাউছৰ সূত্ৰৰ উল্লেখ কৰি সংবাদ সংস্থা ৰয়টাৰ্ছে জনাইছে যে, বৈঠকৰ সময়ত মেলানিয়াই লিখা চিঠিখন ট্ৰাম্পে পুটিনৰ হাতত তুলি দিছে।

চিঠিত কি আছে? ৰাছিয়াৰ ৰাষ্ট্ৰপতিলৈ আমেৰিকাৰ ফাৰ্ষ্ট লেডীয়ে কি বাৰ্তা পঠিয়াইছে?

হোৱাইট হাউছৰ সূত্ৰই চিঠিৰ বিষয়বস্তুৰ বিষয়ে বিষদভাৱে ক’বলৈ অমান্তি। তথাপি এইটো জানিব পৰা গৈছে যে, ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত শিশুসকলৰ যি সমস্যাৰ সন্মুখীন হৈছে, সেই বিষয়ে মেলানিয়াই লিখিছে। যুদ্ধৰ ভুক্তভোগী শিশুসকলৰ প্ৰতি পুটিনৰ দৃষ্টি আকৰ্ষণ কৰিছে।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধত শিশুৰ বিষয়টো প্ৰথমৰে পৰা যথেষ্ট স্পৰ্শকাতৰ। অভিযোগ অনুসৰি, যুদ্ধ আৰম্ভ হোৱাৰ পৰা ইউক্ৰেইনৰ পৰা বহু শিশুক ৰাছিয়াই তুলি নিছে। ইউক্ৰেইনৰ দাবী, তিনি বছৰত অপহৃত শিশুৰ সংখ্যা কেইবা লাখ অতিক্ৰম কৰিছে। পৰিয়াল বা অভিভাৱকৰ অনুমতি অবিহনে এই শিশুসকলক দিনৰ পিছত দিন ধৰি ৰাছিয়া বা ৰাছিয়াৰ দখলকৃত অঞ্চলত আটক কৰি ৰখা হৈছে। ৰুছ বাহিনীৰ এই আচৰণক ইউক্ৰেইনে ‘যুদ্ধাপৰাধ’ বুলি আখ্যা দিছে।

মস্কোৱে এই বিষয়ত প্ৰথমৰে পৰা ভিন্ন যুক্তি দি আহিছে। তেওঁলোকৰ বক্তব্য, শিশুসকল দুৰ্বল, তাৰ বাবে যুদ্ধক্ষেত্ৰৰ পৰা তেওঁলোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ প্ৰয়োজন। ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ কাৰ্যালয়ে ৰাছিয়াৰ এই আচৰণৰ প্ৰতিবাদ কৰিছে। তেওঁলোকে জনাইছে যে, ২০২২ চনত ৰাছিয়াই ইউক্ৰেইনত সম্পূৰ্ণ পৰিসৰৰ আক্ৰমণ আৰম্ভ কৰাৰ পিছৰে পৰা লাখ লাখ শিশু দুৰ্ভোগৰ মাজত পৰিছে আৰু তেওঁলোকৰ অধিকাৰ উলংঘন কৰা হৈছে। ট্ৰাম্পৰ পত্নীয়ে এই বিষয়টোক ব্যক্তিগত চিঠিৰ জৰিয়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সন্মুখত তুলি ধৰিব বিচাৰিছে।

শুকুৰবাৰে আলাস্কাত ট্ৰাম্প আৰু পুটিনৰ মাজত প্ৰায় তিনি ঘণ্টা ধৰি বৈঠক চলিছিল। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধবিৰতিৰ বিষয়ে এই বৈঠকত কোনো চূড়ান্ত সিদ্ধান্ত হোৱা নাই। তথাপি দুয়ো ৰাষ্ট্ৰনেতাই দাবী কৰিছে যে বৈঠকখন ‘ফলপ্ৰসূ’ হৈছে। ট্ৰাম্পে জনাইছে যে, এতিয়া বাকী দায়িত্ব ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিৰ। তেওঁক পুটিনৰ সৈতে চুক্তি কৰাৰ পৰামৰ্শও দিছে ট্ৰাম্পে। অতি সোনকালে পুটিন আৰু জেলেনস্কিৰ মাজত বৈঠক হ’ব পাৰে, য’ত ট্ৰাম্পো উপস্থিত থাকিব পাৰে। শুকুৰবাৰৰ বৈঠকৰ পিছত পুটিনে মাৰ্কিন ৰাষ্ট্ৰপতিৰ ‘বন্ধুত্বপূৰ্ণ’ আচৰণৰ প্ৰশংসা কৰিছে। যুদ্ধ বন্ধ কৰি ইউক্ৰেইনত শান্তি ঘূৰাই আনিব পাৰিব বুলি তেওঁ আশাবাদী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ম্যানমাৰত নগা উগ্ৰপন্থীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ, নিহত ৩৬ উগ্ৰপন্থী

ম্যানমাৰ সেনাই নগা উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা এক ভয়ংকৰ সামৰিক...

সন্মুখত দুই লাখ নিযুক্তিৰ লক্ষ্য, HBS 2.0ৰ প্ৰথম নিযুক্তি সমাৰোহত ৪৩৯গৰাকীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰাজ্যত চৰকাৰী নিযুক্তিৰ ধাৰা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত...