নীৰৱে গুচি গ’ল সদা সৰৱ বুদ্ধদেৱ ভট্টাচাৰ্য

বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেব ভট্টাচাৰ্যৰ মৃত্যু। বৃহস্পতিবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে বলিষ্ঠ বামপন্থী নেতাজনে। দক্ষিণ কলিকতাৰ পাম এভিনিউৰ বাসগৃহত মৃত্যু নেতাজনৰ। মৃত্যুৰ পৰলৈ তেওঁৰ বয়স হৈছিল ৮০ বছৰ। মাৰ্ক্সবাদী শেষৰজন মুখ্যমন্ত্ৰী আছিল ভট্টাচাৰ্য।

এটা যুগৰ যেন অৱসান
৩৪ বছৰীয়া বামপন্থীৰ বংগ শাসনৰ অন্তিম সেনাপতিৰ বিদায়
নীৰৱে গুছি গ’ল সদা সৰৱ বুদ্ধদেৱ ভট্টাচাৰ্য
বৃহস্পতিবাৰে পুৱা ৮–২০ মিনিট ল’লে শেষ উশাহ
দেশবাসীক দি গ’ল বামপন্থী ৰাজনীতিৰ সুকীয়া ইতিহাস

১৯৪৪ৰ ১ মাৰ্চত এটি বেংগলী ব্ৰাহ্মন পৰিয়ালত জন্ম হৈছিল বুদ্ধদেৱ নামৰ সত্বাৰ। স্বভাৱগতভাৱেই সাধাৰণ মানুহজনে প্ৰৱেশ কৰিলে ৰাজনীতিত। চন ১৯৬৬। চিপিআই(এম)ত সক্ৰিয়ভাৱে যোগদান কৰিলে কলকাতাৰ প্ৰেছিডেন্সী কলেজৰ এসময়ৰ ছাত্ৰজনে। জঁপিয়াই পৰিল খাদ্য আন্দোলনত। ১৯৭২ চনত চিপিআই(এম)ৰ ৰাজ্যিক সমিতিলৈ নিৰ্বাচিত হৈছিল ভট্টাচাৰ্য। ১৯৭৭ত নিৰ্বাচিত হ’ল বিধানসভালৈ। তাৰ পৰাই আৰম্ভণি যাত্ৰাৰ। পূৰ্ণ-সময়ৰ ৰাজনীতিত যোগদান কৰাৰ আগতে তেওঁ আছিল বিদ্যালয়ৰ শিক্ষক। বিধায়ক আৰু ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত, জ্যোতি বসুৰ পদত্যাগ কৰাৰ আগেয়ে তেওঁক উপ মুখ্যমন্ত্ৰীলৈ উন্নীত কৰা হয়। মুখ্যমন্ত্ৰী হিচাপে তেওঁ চিপিএমক দুবাৰকৈ দিলে নেতৃত্ব। সেই ভট্টাচাৰ্য আৰু নাই।

প্ৰবীণ বাওঁপন্থী নেতা তথা পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেব ভট্টাচাৰ্যৰ দক্ষিণ কলকাতাৰ বাসগৃহত মৃত্যু হয়। তেওঁৰ বয়স আছিল ৮০ বছৰ। বহুদিনৰে পৰা ৰোগাক্ৰান্ত হৈ আছিল প্ৰবীণ ৰাজনীতিবিদজন। সমস্যা আছিল শ্বাস-প্ৰশ্বাসৰ। হৈছিল নিমুনিয়াও। মাজে মাজে অসুস্থ বুদ্ধদেৱ ভট্টাচাৰ্যক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত। পুনৰ হয় প্ৰত্যাৱৰ্তন। কিন্তু এইবাৰ যেন নহ’ল শেষ ৰক্ষা। পুত্ৰই জনালে খবৰ ‘দেউতা আৰু নাই’।

আৰম্ভ হ’ল শেষ যাত্ৰা। কমৰেডক সংগ দিবলৈ আহিল অলেখজন গুণমুগ্ধ, প্ৰাক্তন সতীৰ্থ। পুষ্পবৃষ্টিৰে দিয়া হ’ল শেষ বিদায়। বিদায় পৰত শেষ অভিবাদন জনাবলৈ আহিল একালৰ প্ৰতিদ্বন্দী তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। কমৰেডক দিয়া হ’ল যথোচিত মৰ্যাদা। মৃত্যুৰ পূৰ্বেই সিদ্ধান্ত আছিল দেহদানৰ। সেই সুত্ৰেই সিদ্ধান্তৰ কৰা হ’ল পালন। লগে লগে অৱসান হ’ল বংগৰ বুদ্ধযুগৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...