নগৰবেৰাৰ ২ নং টুপামাৰীত বিপজ্জনকভাৱে চলিছে যাতায়াত

এখন দলং সাজিবলৈ এটা বিভাগক কিমান বছৰ লাগে? এখন দলং সাজিম বুলি ভাবিবলৈ এটা বিভাগক কিমান দিন লাগে? কিমান দুৰ্ভোগ ভুগিলে স্থানীয় বিধায়কৰ চকু খোলে? নগৰবেৰাৰ ২ নং টুপামাৰীত বিপজ্জনকভাৱে চলিছে যাতায়াত। মাত্ৰ দুডাল বাঁহতে মৰণক শৰণ দি এই যাত্ৰা। কণ কণ শিশুৱে শিক্ষাৰ পোহৰ বিচাৰি এইদৰেই কৰে অহা যোৱা। পিঠিত কিতাপৰ বেগ লৈ মৰণত শৰণ দি যাত্ৰা। কাঠৰ ভগা দলংখনৰ খুঁটাকেইটাতে বন্ধা আছে বাঁহ। এয়া ২০২৪ চনৰ বিকশিত অসমৰ এখন জীয়া ছবি। ৰাইজ নিৰাশ। স্থানীয় বিধায়কৰ খবৰ নাই।

স্থানীয় যুৱকৰ তৎপৰতাত বন্ধা গৈছিল বাঁহকেইডাল। বছৰৰ হিচাপত বহুতেই গ’ল। বিভাগীয় কৰ্তৃপক্ষৰ খবৰ নহ’ল। এইদৰে নিতৌ যাতায়াত কৰি অসহায় জনতা। ক’লে আমাক এখন দলং লাগে।

চৰকাৰৰ সংশ্লিষ্ট বিভাগ তথা স্থানীয় বিধায়কক আবেদন নিবেদন জনাইও সুফল নাপালে গাঁওবাসীয়ে। হাট–বজাৰ, স্কুল, কলেজ এই বাটেৰেই। ৰাইজৰ দুৰ্ভোগ যাতনাৰ ছবি তুলি ধৰিছে আমাৰ সাংবাদিকে। লক্ষণীয় হ’ব বিয়াগোম বিভাগ আৰু স্থানীয় বিধায়কৰ ‘গান্ধাৰী বান্ধ’ কেতিয়া খোলে!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...

LPGৰ ঠাই ল’ব নেকি ইথানলে? ইয়াক পানীৰ সৈতে মিহলি কৰাৰ আঁৰৰ যুক্তি কি?

শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ইথানল ভিত্তিক ষ্ট’ভ প্ৰযুক্তিৰ...

এটা আমৰ বাবে ১৫ৰ পৰা ১৮ হাজাৰ টকাৰ নিবিদা…

আমক লৈ চৰ্চিত হৈ পৰিছে এখন বিশেষ ঠাই। জাপানৰ...

এজন অধিবক্তা কেতিয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হয়?

ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ৰ...