পেৰিছ অলিম্পিকে বাৰুকৈয়ে স্পৰ্শ কৰিছে বলীউডক

পেৰিছ অলিম্পিকে বাৰুকৈয়ে স্পৰ্শ কৰিছে বলীউডক। ‘তাল’ ছবিৰ গীতত মহিলা সাঁতোৰবিদৰ নৃত্য প্ৰদৰ্শন ৱৰ্ল্ড একুৱাটিকছ দোহা। ২০২৪ত বিশেষ মৰ্যাদা লাভ কৰিছে বলীউডৰ ‘তাল’ ছবিখনৰ এটা গীতে। এ.আৰ ৰেহমানৰ ‘তাল ছে তাল মিলা’ গীতটোৰ তালে-তালে সুন্দৰ নৃত্য প্ৰদৰ্শন আমেৰিকাৰ এটি সাঁতুৰবিদ দলৰ। ৮ জনীয়া যুৱতীৰ দলটোৱে ‘তাল-চে-তাল মিলা’ৰ সংগীতৰ তালে-তালে নৃত্য প্ৰদৰ্শন কৰিলে।

মুহূৰ্ততে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ভিডিঅ’টোৱে। ১৯৯৯ চনৰ সুভাষ ঘাই পৰিচালিত ‘তাল’ ছবিখনৰ গীতটোত একাত্ম হৈ নাচি-নাচি সাঁতোৰ প্ৰদৰ্শন কৰিছে যুৱতীৰ দলটোৱে। নীলা বৰণৰ চুইমিং কষ্টিউম পিন্ধি এনেদৰে আকৰ্ষণীয়ভাৱে নৃত্য প্ৰদৰ্শন কৰিলে দলটোৱে। দলটোৰ নৃত্যত মুগ্ধ হ’ল উপস্থিত দৰ্শক। কেৱল দৰ্শকেই নহয়, সম্প্ৰতি সামাজিক মাধ্যমতো তোলপাৰ লগাইছে এই ভিডিঅ’ই।

কোনোৱে যদি পানীৰ তলত নৃত্য কৰিলে, কোনোৱে আকৌ পানীৰ ওপৰতে কৰিলে আকৰ্ষণীয় ষ্টাণ্ট। সুন্দৰী ৮ গৰাকী যুৱতীৰ এই ধুনীয়া কাৰুকাৰ্যই চুই গ’ল সকলোৰে হৃদয়।

Popular

More like this
Related

সুতীক্ষ্ণ ড০ পৰিধি শৰ্মাৰ অপমৃত্যু!

ড০ পৰিধি শৰ্মা। অসমীয়া পাঠকৰ বাবে এটা পৰিচিত...

পুনৰ GMCHত কন্যা সন্তান বিক্ৰীৰ ঘটনা

পুনৰ GMCHত কন্যা সন্তান বিক্ৰীৰ ঘটনা। ৫ হাজাৰ টকাত...

ডুবাইত স্মৃতি মান্ধনাৰ চিটী ক্ৰিকেট একাডেমী মুকলি, মুখ্য প্ৰশিক্ষক অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ ডন ভাগৱতী

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আইকন স্মৃতি মান্ধানাই ব্ৰিটেইনৰ প্ৰখ্যাত...