মহানগৰীৰ কেইবাখনো পাহাৰত বনজুইৰ বিভীষিকা

যেন ৰুষ্ট হৈছে প্ৰকৃতি। মহানগৰীৰ কেইবাখনো পাহাৰত বনজুইৰ বিভীষিকা। দাও দাওকৈ জ্বলি উঠিছে গছ-বন। ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনীৰ দল, সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ। সময় আগবঢ়াৰ লগে লগে ক্ৰমাৎ ভয়াৱহ হৈছে পৰিস্থিতি।

আমিনগাঁৱৰ জয়গুৰুৰ বাথৌগুৰিত বনজুই। বনজুইৰ লেনিহান শিখাই ভস্মীভূত কৰিলে দুটাকৈ বাসগৃহ। কোনো লোকে পাহাৰৰ শুকান বননিত অগ্নিসংযোগ কৰাৰ সন্দেহ। বনজুইত ভস্মীভূত এটি পুৰণি প্লাষ্টিক ডেম্প। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা। বনজুইৰ ফলত আতংক সমগ্ৰ অঞ্চলজুৰি।

লখৰাৰ লালুং গাঁৱতো বনজুইৰ আতংক। গড়ভঙা সংৰক্ষিত বনাঞ্চলত বনজুইয়ে লৈছে ভয়াৱহ ৰূপ। এফালৰ পৰা জ্বলিছে গছ-বন। বনজুইৰ ফলত পাহাৰৰ মূল্যবান গছ–গছনি ধ্বংস। জানিব পৰা হোৱা নাই জুইৰ সূত্ৰপাতৰ কাৰণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...