বিদেশ মন্ত্ৰী জয়শংকৰৰ ভ্ৰমণক লৈ তোলপাৰ পাকিস্তান

১৫–১৬ অক্টোবৰত বিদেশ মন্ত্ৰী এচ জয়শংকৰৰ পাকিস্তান ভ্ৰমণ নিশ্চিত হোৱাৰ পিছতে পাকিস্তানৰ সৰ্বস্তৰতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেৱল ৰাজনৈতিক মহলত নহয় জনসাধাৰণেও গুৰুত্ব সহকাৰে লৈছে ভাৰতৰ বিদেশ মন্ত্ৰীৰ পাকিস্তান ভ্ৰমণক।

২০১৫ চনত তদানীন্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজে পাকিস্তান ভ্ৰমণ কৰিছিল। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদী আকস্মিকভাৱে লাহোৰত উপস্থিত হৈছিল। তাৰ পিছত দীৰ্ঘ বিৰতি। ‍ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ মাটিৰ পৰা চলি থকা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে পাকিস্তানলৈ যোৱা নাই ভাৰতৰ কোনো নেতৃত্ব। অৱশেষত বিদেশ মন্ত্ৰী এচ জয়শংকৰে ১৫–১৬ অক্টোবৰত পাকিস্তান ভ্ৰমণ কৰাতো নিশ্চিত হোৱাত পাকিস্তানৰ সংবাদ মাধ্যম, সামাজিক মাধ্যম ব্যস্ত হৈ পৰিছে। কিন্তু কি লাভ হ’ব জয়শংকৰৰ পাকিস্তান ভ্ৰমণত? ব্যাপক প্ৰচাৰেৰে কি বুজাব খুজিছে পাকিস্তানে?

ভাৰতে সন্ত্ৰাসবাদী কাৰ্যকলাপক লৈ যিদৰে পাকিস্তানক সদায় ক্ষুৰধাৰ সমালোচনা কৰি আহিছে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হেয় কৰি ৰাখিছে তাত জয়শংকৰৰ পাকিস্তান ভ্ৰমণে যতি পেলাব বুলি আশা কৰিছে। ইফালে অৰ্থনৈতিক বিপৰ্যয়ত ককবকাই থকা পাকিস্তানৰ নাগৰিকে বিচাৰিছে পাকিস্তানে ভাৰতৰ সৈতে হাত মিলাব লাগে। কাৰণ পাকিস্তান এতিয়া ভাৰতৰ সৈতে ফেৰ মাৰিব পৰা অৱস্থাত নাই। গতিকে জয়শংকৰৰ ভ্ৰমণক ইতিবাচক হিচাপে পাকিস্তানে গ্ৰহণ কৰিব লাগে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ দল পাকিস্তান তেহৰিক ই ইনছাফৰ আহ্বান জয়শংকৰে দলটোৰ হৈ মাত মাতক আৰু পাক চৰকাৰক ইমৰান খানৰ মুক্তিৰ বাবে হেঁচা দিয়ক। এতিয়া কথা হ’ল ভাৰতে জয়শংকৰৰ পাকিস্তান ভ্ৰমণক কি ভাৱে লৈছে?

ভাৰতে স্পষ্ট কৰিছে বিদেশ মন্ত্ৰী জয়শংকৰৰ এই ভ্ৰমণ মুঠেই দ্বিপাক্ষিক নহয়। SCO অৰ্থাত ‘ছাংহাই কো-অপাৰেশ্যন অর্গানাইজেশ্যন’ৰ বৈঠকৰ বাবেহে ইছলাবাদত উপস্থিত হ’ব ভাৰতৰ বিদেশ মন্ত্ৰী। স্বয়ং জয়শংকৰেই এই ঘোষণা কৰিছে। তথাপি পাকিস্তানৰ এটা অংশই আশা কৰিছে জয়শংকৰৰ ভ্ৰমণে দুয়োখন দেশ মাজত কিছু হ’লেও প্ৰতিবেশীৰ সম্পৰ্ক সহজ কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...