হৰেন্দ্ৰনাথ বৰুৱা আছিল এজন মানৱতাবাদী জাতীয়তাবাদী

তেওঁৰ জাতীয়তাবাদ সংকীৰ্ণ নাছিল, অসমীয়া জাতিৰ সৰ্বাংগীন বিকাশেই আছিল তেওঁৰ লক্ষ্য৷— অসমৰ সংবাদ জগতৰ পুৰোধা ব্যক্তি অসমপ্ৰাণ হৰেন্দ্ৰনাথ বৰুৱাৰ সম্পাদকীয় আৰু অন্যান্য লিখাৰ বিশাল কলেবৰৰ প্ৰথম খণ্ডটি উন্মোচন কৰি প্ৰজ্ঞাৰ বৰেণ্য সাধক ড০ হীৰেন গোহাঁইয়ে এইদৰে কয়৷ অসমৰ সংকটকালত হৰেন্দ্ৰনাথ বৰুৱাই লোৱা ভূমিকাৰ কথা সুঁৱৰি ড০ গোঁহাইয়ে আৰু কয় যে বৰুৱাৰ দ্বাৰা সম্পাদিত তথা চন্দ্ৰকুমাৰ আগৰৱালা প্ৰতিষ্ঠিত ‘অসমীয়া’ কাকত আছিল অসমীয়া জাতিৰ মুখপত্ৰস্বৰূপ৷ হৰেন্দ্ৰনাথ বৰুৱাৰ বিশাল অৱদানৰ কথা উল্লেখ কৰিবলৈ গৈ তেওঁ ব্ৰিটিছৰ শাসনকালৰে পৰা অসমৰ সমাজ জীৱনলৈ অহা পৰিৱৰ্তনৰো উল্লেখ কৰে৷

উল্লেখযোগ্য যে অসমপ্ৰাণ হৰেন্দ্ৰনাথ বৰুৱাই ১৯৩৪ চনতে তিনদিনীয়া অসমীয়া কাকতৰ সম্পাদকৰ দায়িত্ব লৈ সুদীৰ্ঘকাল এই কাকতগোষ্ঠীৰ সৈতেই জড়িত আছিল৷ দেশৰ স্বাধীনতা সংগ্ৰামতো জড়িত হোৱা ব্যক্তিগৰাকীৰ বচা বচা সম্পাদকীয়ৰ সৈতে বিভিন্ন সময়ত লিখা প্ৰবন্ধ, কিতাপ, পুস্তিকা আদিৰ সংকলন কৰি ‘‘অসমপ্ৰাণ হৰেন্দ্ৰনাথ বৰুৱা ঃ সম্পাদকীয় আৰু অন্যান্য’’ শীৰ্ষক বিশাল কলেবৰৰ গ্ৰন্থখনৰ প্ৰথম খণ্ডটো আজি উন্মোচন কৰা হয়৷ প্ৰায় ১২০০ পৃষ্ঠাৰ এই খণ্ডটো সম্পাদনা কৰিছে সাহিত্যিক-সাংবাদিক-সম্পাদক দিগন্ত ওজাই৷ ড০ গোহাঁইয়ে ভাষণ প্ৰসংগত আৰু কয় যে গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি আদিৰ সৈতে ঘনিষ্ঠতাৰ সুযোগ লৈ হৰেন্দ্ৰনাথ বৰুৱাই এটা সূচল জীৱন যাপন কৰাৰ পথ ল’ব পাৰিলেহেঁতেন৷ কিন্তু নিজৰ আদৰ্শত অবিচল থকাৰ বাবেই বৰুৱাৰ ব্যক্তিগত জীৱন সিমান সুখকৰ নাছিল৷

সত্তৰৰ দশকত হৰেন্দ্ৰনাথ বৰুৱাক ব্যক্তিগতভাৱে পোৱাৰ স্মৃতিচাৰণ কৰি তেওঁ কয় যে সেই সময়ত বৰুৱাৰ মুখ আৰু চকুত এক বিষণ্ণতাৰ চিন দেখা গৈছিল৷ কিন্তু সেই বিষণ্ণতা ব্যক্তিগত নাছিল৷ সেয়া আছিল সমাজৰ উন্নতি নোহোৱাৰ দুখ৷ অসমৰ সাম্প্ৰতিক কালৰ সংবাদ সেৱাত দেখা দিয়া অৱক্ষয়ৰ উল্লেখ কৰি হৰেন্দ্ৰনাথ বৰুৱাৰ আদৰ্শৰ কথাও ড০ গোহাঁইয়ে শ্ৰদ্ধাৰে স্মৰণ কৰে৷ আড়ম্বৰপূৰ্ণ এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰি খ্যাতিমান ইতিহাসবিদ ড০ ৰাজেন শইকীয়াই কয় যে নিচেই কম বয়সতে পাণ্ডু কংগ্ৰেছ অধিৱেশনত যোগ দি হৰেন্দ্ৰনাথ বৰুৱাই মহাত্মা গান্ধীৰ বাণীৰেই হয়তো উদ্দীপনা লাভ কৰিছিল আৰু সেইবাবেই আদৰ্শ জীৱন এটা বাচি লৈছিল৷

ৰাজ্যক গ্ৰুপিঙৰ কবলৰ পৰা ৰক্ষা কৰাত বৰুৱাৰ বলিষ্ঠ ভূমিকাৰ কথা উল্লেখ কৰি শইকীয়াই হৰেন্দ্ৰনাথ বৰুৱাই অনুপ্ৰৱেশকে ধৰি অন্যান্য সমস্যা সন্দৰ্ভত লিখাৰ বিষয়েও আলোকপাত কৰে৷ আনহাতে গ্ৰন্থখনৰ সম্পাদক দিগন্ত ওজাই হয় যে বিংশ শতিকাৰ অসমৰ চৰ্চাৰ পথতেই হৰেন্দ্ৰনাথ বৰুৱাৰ অধ্যয়ন জৰুৰী৷ এই অনুষ্ঠানত বুৰঞ্জীবিদ লক্ষ্মীনাথ তামুলীয়েও অংশ লয়৷ সভাত আদৰণী ভাষণ দি হৰেন্দ্ৰনাথ বৰুৱা স্মৃতি ন্যাসৰ সাধাৰণ সম্পাদক হৃষীকেশ গোস্বামীয়ে বিগত ৩৭ বছৰে ন্যাসে লৈ অহা ভুমিকাৰ চমু আলোকপাত কৰে৷ আনহাতে ন্যাসৰক্ষী তথা হৰেন্দ্ৰনাথ বৰুৱাৰ সন্তান ৰাজীৱ প্ৰকাশ বৰুৱাই এনে এখন গ্ৰন্থৰ উদ্যোগৰ বাবে লৈ অহা তৎপৰতাৰ কথা সোঁৱৰে৷ সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী অনুবাদক দিব্যৰঞ্জন খাটনিয়াৰ, আৰক্ষী মহাপৰিদৰ্শক-কবি প্ৰশান্ত সাগৰ চাংমাই, থানেশ্বৰ মালাকাৰ, ড০ ধৰণী লাহন প্ৰমুখ্যে ৰাজ্যৰ ভালেকেইগৰাকী সাহিত্যিক তথা প্ৰণয় বৰদলৈ, সঞ্জীৱ ফুকন, দিৱস ফুকন, বিশ্বজিৎ দাস, পুলিন কলিতা প্ৰমুখ্যে ভালেকেইগৰাকী জ্যেষ্ঠ সাংবাদিক উপস্থিত থকা এই অনুষ্ঠানৰ আৰম্ভণিতে গণেশ স্ত্ৰোত্ৰ পাঠ কৰে হৰেন্দ্ৰনাথ বৰুৱাৰ নাতিনী অনুষ্কা বৰুৱাই৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অপাৰেচন সিন্দূৰক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, অপাৰেচন সিন্দূৰৰ সময়ত...

অপাৰেচন কেলাৰ কি?

অপাৰেচন কেলাৰ হৈছে ভাৰতীয় সেনাৰ দ্বাৰা জম্মু আৰু কাশ্মীৰৰ...

ভাৰতীয় সাংবাদিকৰ পৰা তথ্য আহৰণৰ চেষ্টা পাকিস্তানী চোৰাংচোৱাৰ

পাকিস্তানৰ গুপ্তচৰ সংস্থাই ভাৰতীয় সাংবাদিক আৰু সাধাৰণ নাগৰিকৰ সৈতে...

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...