প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল আজি শুকুৰবাৰে ঘোষণা কৰা হৈছে। এতিয়ালৈকে BMCৰ নিৰ্বাচনী ধাৰাত ভাৰতীয় জনতা পাৰ্টিয়ে সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছে। তিনিটা দশকৰ পাছত থাকৰে ভাতৃদ্বয়ৰ আধিপত্য কমি অহা যেন অনুভৱ হৈছে। মুম্বাইত এন চি পি নেতা নবাব মালিকৰ ভাতৃ কপ্তান মালিকে পৰাজয়ৰ সন্মুখীন হোৱাৰ বিপৰীতে শিৱসেনা (সিন্দে)ৰ এগৰাকী সাংসদৰ কন্যাও পৰাস্ত হৈছে। এক প্ৰকাৰে ক’ব পাৰি যে, মুম্বাইত এইবাৰ প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব। আনহাতে, থাকৰে ভাতৃদ্বয়ৰ দুৰ্গ ভাঙি যোৱাৰ উপক্ৰম হৈছে।

এই পৰ্যন্ত ২২৫খন আসনৰ বাবে BMCৰ নিৰ্বাচনী ধাৰাত বিজেপিয়ে সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছে। ৯৯খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে শিৱসেনাই (ইউ বি টি) ৬২খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু ৰাজ থাকৰেৰ এম এন এছে মাত্ৰ ৯খন আসনত অগ্ৰগতি আছে। একনাথ সিন্দেৰ শিৱসেনাই ৩১খন আসনত অগ্ৰগতি লাভ কৰিছে। আনহাতে ১৩খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ।

মুম্বাইত অজিত পাৱাৰৰ NCPয়ে BMCত একাউণ্ট খোলাৰ সম্ভাৱনা কম যেন দেখা গৈছে, আনহাতে শাৰদ পাৱাৰৰ NCPয়ে ৩খন আসনলৈ অগ্ৰগতি বৃদ্ধি কৰিছে। ইফালে, যোগেশ্বৰীত পৰাস্ত হয় সিন্দেৰ শিৱসেনাৰ সাংসদ ৰবীন্দ্ৰ ৱাইকাৰৰ কন্যা দীপ্তি ৱাইকাৰ। নবাব মালিকৰ ভাতৃ কপ্তান মালিকো মুম্বাইত পৰাস্ত হয়।

BMCৰ উপৰিও নৱী মুম্বাই, পুনে, নাগপুৰ, সোলাপুৰ, পানভেল, আকোলা, উলহছনগৰ, ভাছাই বিৰাৰ, ধূলে, কলহাপুৰ, জলগাঁওকে ধৰি কেইবাটাও পৌৰসভা নিৰ্বাচনত বিজেপিয়ে ধাৰাবাহিকভাৱে অগ্ৰগতি বজাই ৰাখিছে। কিন্তু চন্দ্ৰপুৰত কংগ্ৰেছে বিজেপিৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। কংগ্ৰেছ ১৬খন আসনত আগবাঢ়ি আছে, বিজেপিয়ে ১০খন আসনত আগবাঢ়ি আছে।

BMCৰ নিৰ্বাচনত ১১১নং ৱাৰ্ডত জয়লাভ কৰে ইউবিটিৰ দীপক সাৱন্ত। ইফালে, ১৯৭নং ৱাৰ্ডৰ পৰা শিৱসেনা সিন্দে ফৈদৰ দীক্ষা কাৰ্কাৰে জয়লাভ কৰে। ৫নং ৱাৰ্ডৰ পৰা শিৱসেনা সিন্দেৰ প্ৰাৰ্থী সঞ্জয় গাদীয়ে জয়লাভ কৰে।

BMCত শিৱসেনা ইউবিটিৰ মৰ্মান্তিক পৰাজয়ৰ প্ৰতি এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দলৰ নেতা সঞ্জয় ৰাউতে। ৰাউতে উল্লেখ কৰে যে, যদি শিৱসেনা বিভাজিত নহ’লহেঁতেন তেন্তে বিজেপিয়ে মাত্ৰ ৫০খন আসনহে লাভ কৰিলেহেঁতেন।

লাটুৰতো কংগ্ৰেছে ভাল প্ৰদৰ্শন আগবঢ়ায়। কংগ্ৰেছে ৩৬খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ২২খন আসনত অগ্ৰগতি লাভ কৰে। একেদৰে পাৰভণিতো শিৱসেনা (উদ্ধৱ থাকৰে)ৰ উল্লেখযোগ্য অগ্ৰগতি আছে, দ্বিতীয় স্থানত বিজেপি। পিপৰি চিঞ্চৱাড়তো অভূতপূৰ্ব জয়ৰ দিশে আগবাঢ়িছে বিজেপি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...