এই সামগ্ৰীসমূহত আল্লাহৰ নাম লিখা নিষিদ্ধ কৰা হৈছে… বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত

ছৌদি আৰৱৰ বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত। ছৌদি আৰৱৰ বাণিজ্য মন্ত্ৰালয়ৰ অধীনত পলিথিনকে ধৰি ব্যৱহাৰৰ পিছত পেলাই দিয়া বহু বস্তুত আৰু আল্লাহৰ নাম লিখা নহ’ব। বিষয়াসকলে কয় যে, এনে বস্তুৰ ওপৰত আল্লাহৰ পবিত্ৰ নাম লিখা নহ’ব যিবোৰ বস্তুৰ অপব্যৱহাৰ বা ব্যৱহাৰৰ পিছত পেলাই দিয়া হ’ব পাৰে।

ব্যৱহাৰৰ পিছত পেলাই দিয়া বা অসন্মান হোৱাৰ সম্ভাৱনা থকা বেগ, পেকেজিং, আৰু অন্যান্য সামগ্ৰীত আল্লাহৰ নাম ব্যৱহাৰ কৰাটো আনুষ্ঠানিকভাৱে নিষিদ্ধ কৰিছে ছৌদি আৰবে। সোমবাৰে এই কথা ঘোষণা কৰে বাণিজ্য মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰ আব্দুল ৰহমান আল হুছেইনে। তেওঁ উল্লেখ কৰে যে, ধৰ্মীয় পবিত্ৰতা ৰক্ষা আৰু যিকোনো ধৰণৰ অসন্মান ৰোধৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

কি কি বস্তু নিষিদ্ধ কৰা হৈছে?

আল-হুছেইনে ব্যাখ্যা কৰে যে- এই নিষেধাজ্ঞা সাধাৰণতে বাণিজ্যিক কাৰ্যকলাপত ব্যৱহৃত সামগ্ৰী যেনে- শ্বপিং বেগ, প্ৰডাক্ট পেকেজিং, আৰু প্ৰচাৰমূলক সামগ্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য। বিশেষকৈ যিবোৰ বস্তু হ্ৰস্বম্যাদী ব্যৱহাৰৰ বাবে বা পিছত পেলাই দিয়া হয়। তেওঁ কয় যে, এনেবোৰ সামগ্ৰী প্ৰায়ে অপব্যৱহাৰ বা আৱৰ্জনাত পেলাই দিয়া হয়, যাৰ ফলত পবিত্ৰ নামবোৰ অপবিত্ৰ হোৱাৰ আশংকা থাকে।

কিয় ব্যৱস্থা গ্ৰহণ কৰিলে মন্ত্ৰালয়ে?

মন্ত্ৰালয়ৰ অফিচিয়েল X একাউণ্টত প্ৰকাশ কৰা এক বিবৃতিত আব্দুল ৰহমান আল হুছেইনে কয় যে- এই সিদ্ধান্ত আল্লাহৰ পবিত্ৰ নাম সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে লোৱা হৈছে। তেওঁ জোৰ দি কয় যে- আল্লাহৰ নামৰ ধৰ্মীয় আৰু আধ্যাত্মিক তাৎপৰ্য গভীৰ, আৰু সেয়েহে অসাৱধানতাৰে ব্যৱহাৰ কৰিব পৰা বা পেলাই দিব পৰা বস্তুৰ ওপৰত সেইবোৰ লিখা উচিত নহয়।

বাণিজ্য মন্ত্ৰালয়ে পুনৰ কয় যে- সকলো ব্যৱসায়িক প্ৰতিষ্ঠানে আল্লাহক অসন্মান কৰিব পৰা বেগ আৰু পেকেজিঙত আল্লাহৰ নাম ব্যৱহাৰ কৰাটো পৰিহাৰ কৰিব লাগে।

মন্ত্ৰালয়ে সমগ্ৰ দেশৰ চেম্বাৰ অৱ কমাৰ্চকো এই নিৰ্দেশনা তেওঁলোকৰ সদস্য আৰু সকলো ব্যৱসায়িক প্ৰতিষ্ঠানলৈ আনুষ্ঠানিকভাৱে প্ৰচাৰ কৰিবলৈ আহ্বান জনায়। মন্ত্ৰালয়ে লগতে স্পষ্ট কৰে যে, সমগ্ৰ ছৌদি আৰৱৰ বজাৰসমূহত এই নিয়ম মানি চলাৰ ওপৰত নজৰ ৰাখিব আৰু এই নিৰ্দেশনা উলংঘা কৰা যিকোনো ব্যৱসায়ৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব।

বিষয়াসকলে কয় যে- এই নিয়মৰ উদ্দেশ্য হৈছে ব্যৱসায় চলোৱাৰ সময়ত দেশৰ সাংস্কৃতিক, ধৰ্মীয়, সামাজিক পৰম্পৰাক সন্মান জনোৱা। পেলাই দিব পৰা বা অপব্যৱহাৰ হোৱা বস্তুত আল্লাহৰ পবিত্ৰ নাম লিখা নিষিদ্ধ কৰি চৰকাৰে সকলোতে ধৰ্মীয় সন্মান আৰু শিষ্টাচাৰ বজাই ৰখাৰ লক্ষ্য ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...