আজি ভাৰতলৈ আহিব ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী, কিয় বিশ্বজুৰি চৰ্চা?

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ চলি থকাৰ মাজতে আজি ভাৰতলৈ আহিব ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভ। দুদিনীয়া চৰকাৰী ভ্ৰমণসূচী লৈ নতুন দিল্লীলৈ আহিব বিদেশ মন্ত্ৰীগৰাকী। মূলতঃ বাণিজ্যিক তথা প্ৰতিৰক্ষা সম্পৰ্কীয় বিষয়সমূহেই আগস্থান পোৱাৰ সম্ভাৱনা আছে। ৰাছিয়াৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ভাৰতৰ শীৰ্ষ বিষয়াৰ সৈতে আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, ৰাষ্ট্ৰসংঘত ৰাছিয়াই উত্থাপন কৰা ইউক্ৰেইন সম্পৰ্কীয় প্ৰস্তাৱত ভাৰতে ভোটদানৰ পৰা বিৰত আছিল। তাৰ পিছতো ৰাছিয়াৰ বিদেশ মন্ত্ৰীৰ ভাৰত ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে। একাংশ সমালোচকৰ মতে, বিশ্বৰ প্ৰায় ৭০ শতাংশ তেল উৎপাদন কৰা ৰাছিয়াই ভাৰতৰ বজাৰখন ইউক্ৰেইন যুদ্ধৰ অচিলালৈ হেৰুৱাব বিচৰা নাই। অৱশ্য়ে দীৰ্ঘদিনে ভাৰত-ৰাছিয়াৰ মাজত গঢ়ি উঠা সম্বন্ধৰ অংশ ৰূপে সৌজন্যমূলক ভ্ৰমণ বুলি ক’ব খোজে একাংশই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰিটিছবিৰোধী সংগ্ৰামৰ দুই বীৰ ছহিদ পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাক আজি শ্ৰদ্ধাৰে স্মৰণ

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ মাটিত আত্মবলিদান দিয়া পিয়লি...

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ...

দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক সম্পন্ন; কি কি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ?

দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও...

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তেজনা

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ...