২৫ জুনৰ পৰা অসম, ত্ৰিপুৰাৰ মাজত ফ্লাইবিগ এয়াৰলাইনছৰ পোনপটীয়া বিমান সেৱা

গুৱাহাটী, ২৩ জুন, NKTV: ফ্লাইবিগ এয়াৰলাইনছে কেন্দ্ৰৰ আঞ্চলিক সংযোগ আঁচনিৰ অংশ হিচাপে ২৫ জুনৰ পৰা অসমৰ গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা ত্ৰিপুৰাৰ আগৰতলালৈ পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিবলৈ সাজু হৈছে। আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ (এএআই) এজন বিষয়াই জনোৱা অনুসৰি, “ফ্লাইবিগ এয়াৰলাইনছে ২০২১ চনৰ ২৫ জুনত গুৱাহাটী-আগৰতলা, আগৰতলা-ডিব্ৰুগড় (আৰচিএছ পথ), ডিব্ৰুগড়-আগৰতলা (আৰচিএছ পথ) আৰু আগৰতলা-গুৱাহাটীৰ মাজত বিমান পৰিচালনা আৰম্ভ কৰিব। ফ্লাইবিগ এয়াৰলাইনছে ২৫ জুনৰ পৰা অসম, ত্ৰিপুৰাৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিব। বিমানসমূহ এই খণ্ডবোৰত (সোমবাৰে, বুধবাৰে আৰু শুক্ৰবাৰে) সপ্তাহত তিনিদিন পৰিচালনা কৰা হ’ব,” বিষয়াজনে কয়। এই ঘোষণা এনে এক সময়ত আহিছে যি সময়ত ক’ভিড-১৯ৰ দ্বিতীয় ঢৌৱে বিমান উদ্যোগটোক বেয়াকৈ প্ৰভাৱিত কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...