বিলাই বিপতি নোহোৱা হৈছে মাজুলীবাসীৰ

১৯৯১ৰ পিছত প্ৰথমটো প্ৰবল বানৰ সন্মুখীন মাজুলী। বিলাই বিপতি নোহোৱা হৈছে মাজুলীবাসীৰ। সোমবাৰে নিশা মাজুলীৰ যুগুনধাৰীত আউনীআটী–কমলাবাৰী সংযোগী মথাউৰি ছিঙি নিয়াৰ ফলত সৃষ্টি হয় মহাপ্ৰলয়ৰ। বানৰ কোবাল সোতে মুহূৰ্ততে উটুৱাই নিয়ে ৬টাকৈ পৰিয়ালৰ ঘৰ। হঠাৎ মথাউৰি চিঙি নিয়াত ঘৰৰ এপদো সামগ্ৰী উদ্ধাৰ কৰিবলৈ সময়েই নাপালে দুৰ্ভগীয়া পৰিয়াল কেইটাই। পানীৰ মাজত আৱদ্ধ হৈ পৰা কেইবাটাও পৰিয়ালক প্ৰৱল সোঁতৰ বাবে বহু পলমকৈ উদ্ধাৰ কৰা হয়। মথাউৰিৰ ছিগা অংশৰে হোৰা হোৰে পানী সোমাই বুৰাই পেলাই নন অঞ্চল। আউনীআটী সত্ৰ, খৰিচাখোৱা, বৰটানি, যুগুনধাৰী, মহকিনাকে ধৰি মধ্য মাজুলীৰ প্ৰায় বিশখন গাওঁলৈ ভয়ংকৰ বিপদ নমাই আনিছে। ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নৈ ওফন্দি উঠাত ক্ৰমে জটিল হৈ পৰিছে মাজুলীৰ বান পৰিস্থিতি। যুগুনধাৰী মথাউৰি ছিগাৰ পিছতে জলসম্পদ বিভাগৰ বিৰুদ্ধে ৰাইজে উজাৰিছে ক্ষোভ। সময়মতে চৰকাৰি বিভাগ সমূহে মথাউৰিৰ মেৰামতি নকৰাৰ বাবেই মাজুলীবাসীৰ জীৱন আজি বিপন্ন হোৱাৰ অভিযোগ।

কেবল এই মথাউৰিয়েই নহয় সম্প্ৰতি অতি দুৰ্বল হৈ পৰিছে মাজুলীৰ ৰক্ষাকৱচ স্বৰূপ হালধিবাৰী, বেচামৰা, বনগাঁও, দক্ষিণপাট কুমাৰ গাওঁ, চুমৈমাৰী আদিত মথাউৰি। প্ৰায় দুটা দশৰ পিছত প্ৰথমটো প্ৰবল বান সন্মুখীন হোৱাত শংকিত আউনিআটি সত্ৰ সত্ৰাধিকাৰ ড০ পিতাম্বৰ দেৱ গোস্বামীও। চৰকাৰক মাজুলীৰ সুৰক্ষাৰ স্থায়ী ব্যৱস্থা কৰাৰ দাবী সত্ৰাধিকাৰজনৰ।

ইফালে মাজুলীত ছিঙা মথাউৰি পৰিদৰ্শনৰ বাবে গৈ জনতাৰ ৰোষৰ সন্মুখীন মন্ত্ৰী ৰনোজ পেগু। ৰাইজৰ তীব্ৰ প্ৰশ্নবানৰ সন্মুখীন হোৱা মন্ত্ৰীয়ে দিলে মথাউৰি ছিগা ঘটনাৰ উচিত তদন্তৰ আশ্বাস।

ৰাজ্যৰ দ্বিতীয়টো বানত এই পৰ্যন্ত কেবল মাজুলীতে বানৰ কৱলত পৰিছে মাজুলীৰ ৮৩ খন গাঁও। মাজুলীৰ প্ৰায় ৬৪,৩৯৩ লোক এই বানত আক্ৰান্ত হৈছে। নষ্ট হৈছে মাজুলীৰ ২০৩১.৬ হেক্টৰ শস্যৰ পথাৰ। খৰালি গুই বহি কটোৱা বিয়াগোম জলসম্পদ বিভাগে জোৰ পুৰি হাত পোৱাৰ পিছত এতিয়া দুৰ্বল মথাউৰিসমহ ৰক্ষাৰ ব্যৱস্থা ল’বনে নলয় তাৰ ওপৰতে যেন এতিয়া নিৰ্ভৰ মাজুলীৰ ভৱিষ্যত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...