ব্ৰহ্মপুত্ৰৰ বানে ভাঙিলে হাতীমূৰাৰ মথাউৰি

নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠা মহাবাহু ব্ৰহ্মপুত্ৰই পুনৰ ভাঙিলে কলিয়াবৰৰ হাতীমূৰা মথাউৰি। মথাউৰি ভাঙি হোৰাহোৰে কলঙেদি সোমাই অহা পানীয়ে অৱৰ্ণনীয় পৰিস্থিতিৰ সূচনা কৰিছে জখলাবন্ধা আৰু কলিয়াবৰত। ঘৰৰ মুধচলৈ উঠিচছে বাঢ়নী পানী। লামলাকটু সামৰি নিৰাপদ স্থানলৈ ঢপলিয়াইছে আতংকিত ৰাইজে। কলঙৰ মুখ বন্ধ কৰি হাতীমূৰা আৰু কুকুৰাকটা পাহাৰৰ মাজত নিৰ্মাণ কৰা হৈছিল হতীমূৰা মথাউৰি। ২০১৭ চনৰ ১২ আগষ্টৰ নিশা ভাগিছিল হাতীমূৰাৰ মথাউৰি। তেতিয়া সমগ্ৰ মধ্যঅসম সৃষ্টি হৈছিল জলপ্ৰলয়ৰ। তাৰ পিছতে মথাউৰিটো নিৰ্মাণৰ পিছত ৰাজ্য চৰকাৰে কলংনদীখন পনৰ বোৱতী কৰিবলৈ নিৰ্মাণ কৰিছিল এখন শ্লুইছ গে’ট। মঙলবাৰে সেই নৱনিৰ্মিত শ্লুইছগে’টৰ কাষতে ছিগিল মথাউৰি। মথাউৰি ছিঙি বানৰ ঢলে মূহূৰ্ততে ভয়ংৰ পৰিস্থিতিৰ সৃষ্টি কৰাত এতিয়া জাঙুৰ খাই উঠিছে বানাক্ৰান্ত।

ৰাইজৰ অভিযোগ একমাত্ৰ জলসম্পদ বিভাগ আৰু প্ৰশাসনৰ দায়ীত্বহীনতা আৰু অমনযোগীতাতে ভাগিল হাতীমূৰাৰ মথাউৰি। প্ৰায় ১০ দিন পূৰ্বেই বহি গৈছিল শ্লুইছ গেটৰ কাষত মথাউৰিটো। ৩দিন পূৰ্বৰে পৰা মথাউৰিৰ তলেৰে নিগৰিছিল পানী। কলিয়াবৰৰ ৰাইজ তথা আছুৱে মথাউৰিটো ৰক্ষা কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই কৰিছিল প্ৰতিবাদো। কিন্তু হাত সাবটি বহি থাকিল বিয়াগোম জলসম্পদ বিভাগ। ইফালে মুখ্যমন্ত্ৰীৰ মন ভাল লগাবলৈ কেইদিনমান পূৰ্বে নিৰ্মীয়মান শ্লুইছ গেট খুলি দিয়াৰ বাবেই আজিৰ এই পৰিস্থিতি অভিযোগ।

এতিয়া কলঙেৰে ব্ৰহ্মপুত্ৰ পানী সোমাই অহাত পানীত বুৰ গ’ল জখলাবন্ধা লোকনিৰ্মাণ বিভাগৰ কাৰ্যালয় আৰু আৱাসিক এলেকা। কুৱৰিটোলৰ গোমোঠা গাঁৱত কলঙৰ কোবাল সোতে উটুৱাই নিয়ে এখন পকী দলং। বানত বুৰিল জখলাবন্ধা–হাতীমূৰা, আৰু জখলাবন্ধা–কামাখ্যা সংযোগী পথ। ডুবিল জখলাবন্ধা আৰক্ষী থানাও। যিকোনো মূহূৰ্তত ডুৱ যাব পাৰে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। জখলাবন্ধা টাউনলৈও ভাবুকি। ২০১৭ চনতকৈও এইবাৰ অধিক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা। আজিৰ এই পৰিস্থিতিৰ বাবে কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তক গৰিহণা দিলে স্থানীয় দল–সংগঠনে।

হাতীমূৰাৰ মথাউৰি ভাঙি কলঙৰ বানে ভয়াৱহ ৰূপ ধাৰণ কৰাত আক্ৰান্তক উদ্ধাৰৰ বাবে চলিছে এছ ডি আৰ এফৰ উদ্ধাৰ অভিযান। যদিও সেয়া এপাচি শাকত এটা জালুকৰ সদৃশ বুলিহে অভিযোগ ৰাইজৰ। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি যদি অহা ৪দিনলৈ ধাৰাষাৰ বৰষুণ অব্যাহত থাকে তেন্তে কলঙৰবানে সমগ্ৰ নগাঁৱতে যে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিব সেয়া নিশ্চিত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...